ETV Bharat / state

মহাত্মা গান্ধীৰ সৈতে মাত্ৰ 12 বছৰ বয়সতে স্বাধীনতা সংগ্ৰামত নামি পৰা বৰনগৰৰ মহিলাগৰাকী - স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱা

বৰপেটাৰোডৰ বৰনগৰত দেহাৱসান স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ ৷ শনিবাৰে 87 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গান্ধী আদৰ্শৰে চলা চৰকাৰীভাৱে স্বীকৃতি নোপোৱা স্বাধীনতা সংগ্ৰামী গৰাকীয়ে ৷

সৰভোগ
সৰভোগত দেহাৱসান স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ
author img

By

Published : Feb 2, 2020, 10:07 PM IST

বৰপেটাৰোড 2 ফেব্ৰুৱাৰীঃ বৰপেটাৰোডৰ বৰনগৰত দেহাৱসান স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ ৷ চৰকাৰীভাৱে স্বীকৃতি নোপোৱা স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাই 87 বছৰ বয়সত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে । বৰনগৰৰ ব্ৰজনাথ শৰ্মা, গকুল পাঠকৰ সহযোগত চলা ভাৰতৰ স্বাধীনতা আন্দোলনত আগৰণুৱা আছিল অঞ্জনা বৰুৱা ৷ এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে 12 বছৰ বয়সতে মহা মানৱ মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ আহি গান্ধীৰ আন্দোলনৰ সক্ৰিয় কৰ্মী হৈ পৰিছিল ৷ জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধী সৰভোগত চাৰিবাৰ কৈ আহিছিল । ১৯৪৬ চনত শেষবাৰৰ বাবে মহাত্মা গান্ধীয়ে ৰে'ল যোগে সৰভোগলৈ অহা সময়ত সৰভোগ ৰে'ল ষ্টেচনত ডবাৰ ভিতৰতে গান্ধীক শেৱালি ফুলৰ মালা পিন্ধাই আদৰণি জনাইছিল অঞ্জনা বৰুৱাই । মৃত্যুৰ আগমূহুৰ্তলৈকে গান্ধীৰ আদৰ্শৰে চলা অঞ্জনা বৰুৱাক সৰভোগ আৰক্ষী চকীত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ লোৱা সময়তে গুলীবৰ্ষণ কৰে আৰক্ষীয়ে ৷ সৌভাগ্যক্ৰমে স্বাধীনতা সংগ্ৰামী গৰাকীৰ গাত গুলি নালাগিল যদিও কাণৰ কাষেৰে গুলী পাৰ হৈ যোৱাত গুলীৰ শব্দত অচেতন হৈ পৰিছিল বুলি মন্তব্য কৰে অঞ্জনা বৰুৱাৰ নাতিনীয়েকে ৷

সৰভোগত দেহাৱসান স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ

উল্লেখ্য যে, বৰনগৰৰ এই গৰাকী স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাক চৰকাৰে স্বাধীনতা সংগ্ৰামী বুলি স্বীকৃতি দিয়া নাছিল যদিও বৰনগৰৰ ৰাইজ আৰু সাংবাদিক সকলেহে অঞ্জনা বৰুৱাক স্বাধীনতা সংগ্ৰামী বুলি স্বীকৃতি দিয়াৰ কথাও উল্লেখ কৰে অঞ্জনা বৰুৱাৰ নাতিনীয়ে ৷

আৰু পঢ়কঃ মোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাইঃ দুৰ্গা ভূমিজ

Intro:বৰপেটাৰোড 2 ফেব্ৰুৱাৰী : বৰনগৰৰ এগৰাকী স্বাধীনতা সংগ্ৰামীৰ দেহাৱসান ৷ নাম অঞ্জনা বৰুৱা ৷ চৰকাৰী ভাৱে স্বীকৃতি নোপোৱা এই গৰাকী স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাই 87 বছৰ বয়সত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।বৰনগৰৰ ব্ৰজনাথ শৰ্মা গকুল পাঠকৰ সহযোগত চলা ভাৰতৰ স্বাধীনতা আন্দোলনত আগৰণুৱা আছিল অঞ্জনা বৰুৱা ৷ Body:বৰনগৰৰ স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱা যোৱা নিশা প্ৰায় দহ বজাত সৰভোগৰ ভোলুকাডবাৰ নিজ বাসভৱনত দেহবসান ঘটে ।এই গৰাকী স্বাধীনতা সংগ্ৰামীয়ে মহা মানৱ মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ আহি গান্ধীৰ আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল ৷ জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধী সৰভোগত চাৰিবাৰ কৈ আহিছিল। ১৯৪৬ চনত শেষবাৰৰ বাবে মহাত্মা গান্ধীয়ে ৰে'ল যোগে সৰভোগলৈ যেতিয়া আহিছিল তেতিয়া সৰভোগ ৰে'ল ষ্টেচনত ডবাৰ ভিতৰতে তেওঁ মহামানৱ গৰাকীক শেৱালি ফুলৰ মালা পিন্ধাই আদৰণি জনাইছিল। তেতিয়া এই গৰাকী অঞ্জনা বৰুৱা বাৰ বছৰীয়া ফুলকুমলীয়া ছোৱালী আছিল। মহাত্মা গান্ধীৰ আন্দোলনত সমবেত হোৱা বৰনগৰৰ জনতাই গান্ধীক দেশ সেৱাৰ বাবে দলিয়াই দিয়া টকাবোৰ অঞ্জনা বৰুৱাই বুটলি লৈ একগোট কৰি মহাত্মা গান্ধীৰ হাতত তুলি দিছিল। অঞ্জনা বৰুৱাৰ এনে কাৰ্যত গান্ধী আনন্দত অভিভূত হৈ পৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীয়ে অঞ্জনা বৰুৱাক কৈছিল তুমি মোৰ আদৰ্শৰে চলিব পাৰিবা নে ? তাৰ উত্তৰত অঞ্জনা বৰুৱাই কৈছিল, মই মৃত্যুৰ আগলৈকে আপোনাৰ আদৰ্শৰে চলিম ৷ সেইদিনা ঘৰলৈ উভতি আহি অঞ্জনা বৰুৱাই নিজ মাকক কৈছিল যে, মা মই আজিৰ পৰা মাছ-মাংস আদি নাখাওঁ। তেতিয়াৰ পৰাই তেওঁ আজীৱন গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আহিছে।
বৰনগৰৰে এগৰাকী সাহসী বোৱাৰী অঞ্জনা বৰুৱাই, সৰভোগ আৰক্ষী থানাত গোকুল পাঠক, দুৰ্গেশ্বৰ দাস, দুৰ্গা চৌধুৰীৰ সহযোগত হাতত ভাৰতৰ পতাকা লৈ সমদল কৰি পতাকা উত্তোলন কৰিবলৈ গৈছিল। পতাকা উত্তোলন কৰিবলৈ যোৱাতে আৰক্ষীয়ে অঞ্জনা বৰুৱাক পতাকাখন পেলাই দিবলৈ কৈছিল ৷আৰক্ষীৰ আদেশ অমান্য কৰি অঞ্জনা বৰুৱাই আগুৱাই যোৱাত আৰক্ষীয়ে গুলীবৰ্ষণ কৰে আৰু সেই গুলী অঞ্জনা বৰুৱাৰ কাণৰ কাষেৰে গুলী পাৰ হৈ যোৱাত, গুলীৰ শব্দত তেওঁ অচেতন হৈ পৰিছিল বুলি স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ নাতিনীয়েকে জানিবলৈ দিয়ে ৷
ভাৰতৰ স্বাধীনতা আন্দোলনত বৰনগৰৰ এক সুকীয়া ইতিহাস আছে। ব্ৰজনাথ শৰ্মা, গোকুল পাঠক আদিকে ধৰি কেইবাগৰাকীও বৰনগৰীয়া সন্তানে স্বাধীনতা আন্দোলনৰ ইতিহাসত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল। তেওলোকৰ সহযোগত অঞ্জনা বৰুৱাইয়ো স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল ৷
বৰনগৰৰ এই গৰাকী স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাক চৰকাৰে স্বাধীনতা সংগ্ৰামী বুলি স্বীকৃতি দিয়া নাছিল যদিও বৰনগৰৰ ৰাইজ আৰু সাংবাদিক সকলেহে অঞ্জনা বৰুৱাক স্বাধীনতা সংগ্ৰামী বুলি স্বীকৃতি দিয়াৰ কথাও উল্লেখ কৰে অঞ্জনা বৰুৱাৰ নাতিনীয়ে ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.