ETV Bharat / state

বৰপেটাত পূৰবী ডেইৰীৰ উদ্যোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰ - জীৱ জন্তু

বানাক্ৰান্ত অঞ্চলত পোহনীয়া জীৱ জন্তুবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে বৰপেটাত অনুষ্ঠিত হৈছে জীৱ জন্তুৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা ৷

free animals health camp At Barpeta
বৰপেটাত পূৰবী ডেইৰীৰ উদ্যোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰ
author img

By

Published : Jul 30, 2020, 3:36 PM IST

বৰপেটা,৩০ জুলাইঃ গো-পালক সকলক সকাহ দিয়াৰ উদ্দেশ্যে গুৱাহাটীৰ পূৰবী ডেইৰীৰ উদ্যোগত আৰু অভয় শংকৰ ফাউণ্ডেছনৰ সহযোগত বৰপেটাত বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷

বৰপেটাত পূৰবী ডেইৰীৰ উদ্যোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰ

দীৰ্ঘদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্য খনতেই ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত হাজাৰ হাজাৰ বানাক্ৰান্ত লোকৰ ঘৰ-দুৱাৰ,কৃষি ভূমিৰ লগতে বিস্তৰ ক্ষতি সাধন হয় পশুধনৰ ৷ ইতিমধ্যে মানুহৰ লগতে পোহনীয়া জীৱ-জন্তু গৰু,ম'হ,ছাগলী আদিৰ বিভিন্ন বেমাৰ আজাৰে দেখা দিছে ৷ ইফালে পথাৰ-সমাৰ,চৰণীয়া পথাৰ,গো-ৰিজাৰ্ভ সমুহ বানত ডুব যোৱাৰ ফলত ভীষণ খাদ্য সংকটত ভুগিছে জীৱ জন্তসমুহে ৷ খাদ্য সংকটৰ লগতে বাৰিষা সময়ত হোৱা জীৱ জন্তুৰ বিভিন্ন ৰোগে দেখা দিয়াত গো-পালকসকল সমস্যাত পৰিবলগীয়া হৈছে ৷

গো-পালক সকলক সকাহ দিয়াৰ উদ্দেশ্যে গুৱাহাটীৰ পূৰবী ডেইৰীৰ উদ্যোগত আৰু অভয় শংকৰ ফাউণ্ডেছনৰ সহযোগত বৃহস্পতিবাৰে বৰপেটাৰ নগাঁও, বাগোদি আদি গাঁওসমুহত বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে ৷ পূৰবী ডেইৰীৰ ছয় জন কৈ পশু চিকিৎসকৰ এটা দল বৰপেটাত উপস্থিত হৈ গৰু, ছাগলী,ম'হ আদি বিভিন্ন পোহনীয়া জন্তুক চিকিৎসা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ৷ পূৰবী ডেইৰীয়ে ৰাজ্য খনৰ বান আক্ৰান্ত মৰিগাঁও, নগাঁও,কামৰূপ,দক্ষিণ কামৰূপ,বৰপেটা আদি জিলাসমুহৰ বিভিন্ন গাঁৱত প্ৰায় এমাহ ধৰি বিনামূলীয়া পশু চিকিৎসা শিবিৰ আয়োজন কৰি আহিছে ৷

লগতে পঢ়ক- বানৰ প্ৰলয়ঃ মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.