ETV Bharat / state

অপহৰণৰ ভুৱা নাটকেৰে আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক

author img

By

Published : Oct 18, 2020, 12:23 PM IST

আৰক্ষীৰ জালত অপহৰণৰ ভুৱা নাটক ৰচা কলগাছিয়াৰ উমেদ আলী ৷ বৰ্তমান কলগাছিয়া আৰক্ষী থানাৰ লক আপৰ আলহী উমেদ আলী ৷

Fraud arrested at Kalgasia
অপহৰণৰ ভুৱা নাটকেৰে আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক

জনীয়া,18 অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত অপহৰণৰ ভুৱা নাটক ৰচা কলগাছিয়াৰ দাবনদীয়া গাঁৱৰ উমেদ আলী ৷ শনিবাৰে নিশা চিৰাং জিলাৰ ঢালিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত হস্ৰাপাৰাৰ পৰা আৰক্ষীয়ে আটক কৰে অপহৰণৰ নাটক ৰচোতা উমেদ আলীক ৷ বৰ্তমান আৰক্ষী থানাৰ লক আপৰ আলহী উমেদ আলী ৷ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ঘটনা অনুসৰি যোৱা 15 অক্টোবৰত বৰপেটা ৰোডত নিজৰ দোকানৰ ৰেচন আনিবলৈ গৈ নিৰুদ্দেশ হৈছিল কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদীয়া গাঁৱৰ ফজল হকৰ পুত্ৰ উমেদ আলী ৷ গোটেই দিনটো মোবাইল ফোন চুইটচ অফ থকাৰ পিছত সন্ধিয়া 9:44 বজাত ভাতৃ ছোমেদ আলীলৈ নিজৰ ম’বাইলৰ পৰা ফোন কৰে উমেদ আলীয়ে ৷ ফোনত উত্তৰ বৰপেটা ৰোডৰ এটা এ.টি.এমৰ সন্মুখৰ পৰা তেঁওক অপহৰণ কৰি কোনো অজ্ঞাত স্থানত ৰখা হৈছে বুলি নিজা ভাতৃক জনাই উমেদ আলীয়ে ৷ লগতে তেখেতৰ মুক্তিৰ বাবে অপহৰণকাৰী দলটোৱে মুক্তিপন হিচাপে 5 লাখ টকা দাবী কৰা বুলি জনোৱাৰ লগতে দাবী কৰা ধন নিদিলে অপহৰণকাৰী দলটোৱে উমেদ আলীক হত্যা কৰিব ভাতৃ ছোমেদ আলীক অৱগত কৰে ধৃত উমেদ আলীয়ে ৷

এই কথা জনাৰ পাছতে উমেদৰ পৰিয়ালত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ লগে লগে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ৷ ইয়াৰ পাছতেই সমগ্ৰ ঘটনাই ললে অন্য মোৰ ৷ উমেদ আলীৰ ফোন ট্ৰেক কৰি অৱশেষত চিৰাং জিলাৰ ঢালিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত হস্ৰাপাৰাৰ পৰা উদ্ধাৰ উমেদ আলীক ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে ভুৱা অপহৰণৰ নাটক ৰচনা কৰি ভাতৃৰ পৰা 5 লাখ টকা আদায় কৰিবলৈ চেষ্টা কৰিছিল উমেদ আলীয়ে ৷ সহজ ধন আদায় কৰিবলৈ গৈ এতিয়া কলগাছিয়া আৰক্ষী থানাৰ নতুন আলহী উমেদ আলী ৷ অপহৰণ কাণ্ডৰ ৰহস্য ফাদিল কৰাৰ বাবে আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসক ধন্যবাদ জ্ঞাপন কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃবিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.