ETV Bharat / state

আই পি এল জুৱাৰ লগত জড়িত চাৰিজনক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ খেল্লি গাঁৱৰ পৰা আই পি এল জুৱাৰ সৈতে জড়িত চাৰি জনক আটক কৰি কলগাছিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । উক্ত স্থানৰ পৰা আৰক্ষীয়ে চাৰিটাকৈ মোবাইল আৰু নগদ ১৬,৮০০ টকা উদ্ধাৰ কৰিছে । বিগত কিছুদিনৰ ভিতৰত বৃহত্তৰ কলগাছিয়া এলেকাত তীৰ-জুৱাৰ লগতে আই পিলৰ নামত জুৱা খেলৰ দৰে অসামাজিক কাম ব্যাপক ভাৱে বৃদ্ধি পাইছে ।

author img

By

Published : Oct 29, 2020, 8:11 PM IST

FOUR IPL GAMBLER ARRESTED AT KALGACHIA
FOUR IPL GAMBLER ARRESTED AT KALGACHIA

জনিয়া, 29 অক্টোবৰ : জুৱাৰ ঘাটি লৈ ক্ৰমে পৰিণত হৈছে বৃহত্তৰ কলগাছিয়া অঞ্চল ৷ তীৰ, জুৱা আৰু আই পি এলৰ নামত ব্যাপক জুৱা বৃদ্ধি পোৱাত যুৱ প্ৰজন্ম ধ্বংসৰ পথত গতি কৰিছে অঞ্চলটোত । জুৱাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে চুৰি, ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ । বৃহস্পতিবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ খেল্লি গাঁৱৰ পৰা আই পি এল জুৱাৰ সৈতে জড়িত চাৰি জনক আটক কৰি কলগাছিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

আটকাধীন লোক সকল ক্ৰমে খেল্লি গাঁৱৰ আকবৰ আলীৰ পুত্ৰ ছাইফুল ইছলাম, হজৰত আলীৰ পুত্ৰ আজিজুৰ ৰহমান, ৰামপুৰ গাঁৱৰ নজৰুল ইছলামৰ পুত্ৰ আজিজুৰ ৰহমান আৰু খেল্লি গাঁৱৰ ছামচুল আলমৰ পুত্ৰ ছানিদুল ইছলাম বুলি জানিব পৰা গৈছে । উক্ত স্থানৰ পৰা আৰক্ষীয়ে চাৰিটাকৈ মোবাইল আৰু নগদ ১৬,৮০০ টকা উদ্ধাৰ কৰিছে ।

আই পি এল জুৱাৰ লগত জড়িত চাৰিজনক গ্ৰেপ্তাৰ

বিগত কিছুদিনৰ ভিতৰত বৃহত্তৰ কলগাছিয়া এলেকাত তীৰ-জুৱাৰ লগতে আই পিলৰ নামত জুৱা খেলৰ দৰে অসামাজিক কাম ব্যাপক ভাৱে বৃদ্ধি পাইছে । কলগাছিয়া আৰক্ষীয়ে কেৱল দুই এটা পুঠি-খলিহনা আটক কৰি দায়িত্ব সামৰাৰ বিপৰীতে বৃহত্তৰ কলগাছিয়া এলেকাত তীৰ-জুৱা, আই পি এল জুৱাৰ দৰে অসামাজিক কামৰ লগত জড়িত থকা ৰৌ-বৰলীক গ্ৰেপ্তাৰ কৰি তীৰ-জুৱাৰ লগতে আই পি এল জুৱা খেল বন্ধ কৰিবলৈ কলগাছিয়া জিলা আমছুৱে দাবী জনাইছে ।

লগতে পঢ়ক : শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.