বৰপেটা,৮ ফেব্ৰুৱাৰী: ১৯৮৭ চনৰ ৮ ফেব্ৰুৱাৰীত অসম গণ পৰিষদ চৰকাৰৰ দিনত বৰপেটা জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত স্থাপন কৰা চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ে সোমবাৰে ৩৪ বছৰ অতিক্ৰম কৰে । সেই উপলক্ষে বাহিনীৰ বিষয়া-জোৱানসকলে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।
কাৰ্যসূচী অনুসৰি পুৱা অসম আৰক্ষীৰ পতাকা উত্তোলন আৰু শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বাহিনীৰ সহ-অধিনায়ক অনিৰ্বাণ শৰ্মাই । পতাকা উত্তোলন কৰি অনিৰ্বাণ শৰ্মাই বাহিনীৰ প্ৰতিজন বিষয়া আৰু জোৱানসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি শ্বহীদ বীৰসকলক শ্ৰদ্ধাৰে সুঁৱৰে । তদুপৰি আৰক্ষী বাহিনীটোৰ সফলতা আৰু জন সাধাৰণক প্ৰদান কৰি অহা অহৰহ নিৰাপত্তাৰ দিশত ভাষণ প্ৰদান কৰে অনিৰ্বাণ শৰ্মাই ।
পতাকা উত্তোলনৰ পিছতে পেৰেড কামাণ্ডাৰ হেমচৰণ কলিতাৰ নেতৃত্বত পেৰেড প্ৰদৰ্শন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীৰ বিষয়া-জোৱানসকলৰ সতী-সন্ততিয়ে বিগত বৰ্ষৰ হাইস্কুল, উচ্চতৰ মাধ্যমিক আৰু প্ৰৱেশিকা পৰীক্ষাত ৭০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক গামোচা আৰু কিতাপৰ টোপালা প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে । এই কাৰ্যসূচী নিশা পৰ্যন্ত অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক:বিশ্বনাথ আৰক্ষীৰ অভিযানত আটক চোৰাং গৰুসহ ব্যৱসায়ী