পাঠশালা, 24 জুলাই : বিশ্বেশ্বৰ মন্দিৰৰ সাহায্যাৰ্থে দেৱালয়ৰ কামৰ বাবে অহা 30 লাখ টকাৰ 18 লাখ টকা সৰকালে ভুৱা চহীৰে ৷ এই কাণ্ডত সাঙোৰ খাইছে বিজেপিৰ নেতাৰ নাম ৷ গাঁৱৰ ৰাইজৰ পৰিৱৰ্তে অন্য লোকৰ নামহে সন্নিবিষ্ট হৈছে উন্নয়ণ কমিটিখনত ৷ বজালী জিলাৰ ৰিহাবাৰীত বিশ্বেশ্বৰ মন্দিৰৰ দেৱাল নিৰ্মাণত এই ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
দেৱাল নিৰ্মাণ নকৰাকৈয়ে আনটাইড ফাণ্ডৰ পৰা প্ৰায় 18 লাখকৈ টকা মোকলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে বিশ্বেশ্বৰ মন্দিৰ সমিতিয়ে । উল্লেখ্য যে, স্থানীয় ৰাইজৰ পৰিৱৰ্তে বৰপেটা জিলাৰ পূৰ্বৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ হাতত সম্পূৰ্ণ ভুৱা কমিটি গঠন কৰি দাখিল কৰাৰ পাচত কোনো কাম নকৰাকৈয়ে ভুৱা কমিটিখনে দেৱাল নিৰ্মাণত নিৰ্ধাৰিত টকা হৰলুকি কৰে । প্ৰাপ্ত তথ্য অনুসৰি ভুৱা ফটোৰে কাম কৰাৰ নথিও পূৰ্বৰ উপায়ুক্ত কাৰ্যালয়ত জমা কৰা হৈছিল ৷
আনহাতে এই কেলেংকাৰীত নাম সাঙোৰ খাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ OSD ৰ সম্পৰ্কীয় গোৱৰ্ধনা ব্লকৰ ইনচাৰ্জ বিডিঅ' মনোজ কলিতাৰ নাম । এতিয়া প্ৰশ্ন হয়, গাঁওৰ ৰাইজৰ অজ্ঞাতে এই কেলেংকাৰী কিদৰে সংঘটিত হ'বলৈ পালে ৷ ঘটনা সন্দৰ্ভত কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ দাসক উচ্চপৰ্যায়ৰ তদন্ত কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ লগতে মন্দিৰ নিৰ্মাণ কমিটিৰ ।
মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাচতেই এখন দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে যি সিদ্ধান্ত লোৱা হৈছিল সেই অনুপাতে বিভিন্ন দুৰ্নীতিমূলক কামো বন্ধ কৰা পৰিলক্ষিত হৈছে ৷ তাৰ পিচতো কিন্তু একাংশই এনেদৰে দুৰ্নীতিমূলক কামত লিপ্ত হৈ আছে ৷
লগতে পঢ়ক:উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি