ETV Bharat / state

বৰপেটাৰ পক্ষী হত্যাৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

সোমবাৰে বৰপেটাৰ শিলাগাঁৱত বিষাক্ত দ্ৰব্য সেৱন কৰি মৃত্যু ঘটিছিল প্ৰায় তিনিশ পক্ষী (Birds Death)ৰ ৷ চৰাইয়ে শস্যৰ অনিষ্ট কৰিব নোৱাৰাকৈ দুই কৃষকে কঠিয়াত বিষাক্ত দ্ৰব্য মিহলাই দিয়া বুলি জানিব পৰা গৈছে ৷ শিলাগাঁৱত প্ৰায় তিনি শতাধিক চৰাইৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ।

forest-minister-seeks-proper-probe-into-barpeta-bird-death-case etv bharat assam
বৰপেটাৰ পক্ষী হত্যাৰ ঘটনাক উচিত তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ
author img

By

Published : Jul 21, 2021, 10:29 PM IST

Updated : Jul 22, 2021, 6:47 PM IST

বৰপেটা, 21 জুলাই : কিছুদিন পূৰ্বে টংলাত বগলী নিধনৰ চকু সেমেকাই যোৱা ঘটনা পোহৰলৈ আহিছিল ৷ এই ঘটনাৰ উত্তেজনা সম্পূৰ্ণকৈ শেষ নৌহওঁতেই এইবাৰ পুনৰ বৰপেটাত খেতিপথাৰত বিষ দি পক্ষী হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ বৰপেটাৰ শিলাগাঁৱত একাংশ কৃষকে পক্ষীয়ে কঠিয়া খাই নষ্ট কৰিব নোৱাৰাকৈ কঠিয়াত বিষ প্ৰয়োগ কৰাৰ বাবেই কেইবাশ পক্ষী মৃত্যুমুখত পৰিছে ৷

পক্ষী হত্যাৰ উক্ত অমানৱীয় ঘটনা সন্দৰ্ভত বৰপেটা ৰোডৰ বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ গোচৰৰ ভিত্তিত মান্নান আলী নামৰ এজন লোকক বৰপেটা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ ঘটনাটোৰ সৈতে জড়িত আন দুই অভিযুক্ত বৰ্তমান পলাতক হৈ আছে ৷ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

বৰপেটাৰ পক্ষী হত্যাৰ ঘটনাক উচিত তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পক্ষীৰ মৃত্যুৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ লগতে পৰিৱেশ আৰু বনমন্ত্ৰীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ পিচতেই বনমন্ত্ৰীয়ে দিয়ে এই কঠোৰ নিৰ্দেশনা ৷ সম্প্ৰতি লুপ্তপ্ৰায় পক্ষীৰ তালিকাত সন্নিৱিষ্ট ঘৰচিৰিকাকে ধৰি বহু পক্ষীৰ মৃত্যুৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে আদৰণি জনাইছে ৷ লগতে ঘটনাটোৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক আটক কৰিবলৈ দাবী জনাইছে ৷

কিছুদিন পূৰ্বে ক্ষমতাৰ ৰাগীত টংলা পৌৰসভাই মুহুৰ্ততে হত্যা কৰা পৰিলক্ষিত হৈছিল শতাধিক বগলী পোৱালি । যি দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছিল । যি সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন বলৱৎ কৰিছে, তেনে সময়তে টংলা চহৰত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এজোপা বাঁহগছত আশ্ৰয় লৈ থকা শতাধিক বগলীক অতি নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগে তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে ।

টংলা চহৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা লোকজীৎ সুতাৰ'ৰ এজোপা বাঁহগছত প্ৰায় তিনি শতাধিক বগলীয়ে আশ্ৰয় লৈ আছিল । এই বগলী জাকৰ মাজত আছিল বহু পোৱালি । যাক লৈ সুতাৰৰ পৰিয়ালৰ লোকে বগলীবোৰক খাদ্য যোগান ধৰি আনন্দ লাভ কৰিছিল । কিন্তু এই কাৰ্য সহ‍্য নহ’ল টংলা পৌৰসভাৰ একাংশ উভতগোৰে নচা কৰ্মচাৰীৰ‌ ।

কোনো কথা-বতৰা নোহোৱাকৈ হঠাৎ লোকজীৎ সুতাৰলৈ এখন জাননী জাৰি কৰে টংলা পৌৰসভাই । উক্ত জাননীত পৌৰসভাই সুতাৰৰ ঘৰৰ বাঁহৰ চোপ যিকোনো প্ৰকাৰে কাটিবলৈ নিৰ্দেশ দিয়ে ৷ তাৰপিচতে হঠাতে সূতাৰৰ পৰিয়ালৰ লোক নথকা অৱস্থাত হাতত দা-কুঠাৰ লৈ পৌৰসভাৰ লোক উপস্থিত হৈ এফালৰ পৰা বাঁহ চোপ কাটি পেলায় । ফলত বাঁহ চোপত আশ্ৰয় লৈ থকা শতাধিক বগলী পোৱালি মাটিত সৰি পৰি মৃত্যু ঘটে ।

লগতে পঢ়ক: ঈদৰ নামাজ: স্বয়ং বিধায়কে ভংগ কৰিলে ক’ভিড প্ৰ’টক’ল

Last Updated : Jul 22, 2021, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.