ETV Bharat / state

Bhaona Samaroh: প্ৰথমবাৰৰ বাবে সত্ৰ নগৰী বৰপেটাত ভাওনা সমাৰোহৰ আয়োজন

author img

By

Published : Jan 25, 2023, 9:21 PM IST

অসমৰ সত্ৰীয়া কলা-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে ভাওনা (Bhaona culture in Assam)৷ অসমত প্ৰধানতঃ উজনি আৰু মধ্য অসমত ভাওনাৰ পয়োভৰ অধিক পৰিলক্ষিত হয় ৷ কিন্তু এইবাৰ উজনি বা মধ্য অসমত নহয়, নামনি অসমত আয়োজন কৰা হৈছে ভাওনা সমাৰোহ ৷ প্ৰথমবাৰৰ বাবে সত্ৰনগৰী বৰপেটাত আয়োজন কৰা হৈছে তিনিদিনীয়া ভাওনা সমাৰোহ ৷

Bhaona Samaroh organised in Barpeta
বৰপেটাত ভাওনা সমাৰোহৰ আয়োজন
বৰপেটাত ভাওনা সমাৰোহৰ আয়োজন

বৰপেটা, ২৫ জানুৱাৰী: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ লগতে আতাপুৰুষসকলে প্ৰদান কৰি থৈ যোৱা সত্ৰীয়া সংস্কৃতিৰ সোণসেৰীয়া ঐতিহ্যৰ এক অন্যতম উল্লেখযোগ্য সৃষ্টি হ'ল অংকীয়া ভাওনা (Ankiya Bhaona of Assam) ৷ সেই নাট-ভাওনাৰ সজীৱ-সতেজ ৰূপৰ ধাৰাবাহিকতা বোৱাই অনাৰ প্ৰয়াসেৰে বৰপেটাৰ শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত আৰু বৰপেটা সত্ৰৰ সহযোগত অহা ২৮ ৰ পৰা ৩০ জানুৱাৰীলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহ (Bhaona Samaroh organised in Barpeta) ৷

নহাটীস্থিত বৰপেটা সত্ৰৰ বাছ আস্থানৰ সমীপত মথুৰাদাস বুঢ়া আতা ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহ ৷ এই কথা সংবাদমেলত সদৰী কৰে ভাওনা সমাৰোহ উদযাপন সমিতিয়ে ৷ ১২ লাখ টকীয়া বাজেটেৰে আয়োজন কৰা তিনিদিনীয়া ভাওনা সমাৰোহত পাঁচখন ভাওনা প্ৰদৰ্শ কৰা হ’ব ৷
২৮ জানুৱাৰীৰ পুৱা ৯ বজাত মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰৰ দ্বাৰ উন্মোচন কৰাৰ পিচত ৯.১৫ বজাত ভাওনা সমাৰোহ সমিতিৰ ধ্বজা উত্তোলন কৰিব সমাৰোহ উদযাপন সমিতিৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে (Bhaona Samaroh in Barpeta) ৷

লগতে পঢ়ক: Bhaona Samaroh in Majuli: নিজম পৰিল মাজুলীৰ প্ৰাচীন চামগুৰিৰ খাট পথাৰ

বিয়লি ৪ বজাত ভাওনা সমাৰোহৰ উদ্বোধনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব ৷ প্ৰথম দিনা সন্ধিয়া ৫.৩০ বজাত প্ৰথমে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনভিত্তিক এনিমেচন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ৷ তাৰ পিচত সমাৰোহৰ প্ৰথম দিনৰ ভাওনা চতিয়া জামুগুৰিৰ ভৰালীপৰীয়া কন্যকা বহুমুখী কৃষিপাম দলে পৰিবেশন কৰিব কৰ্ণপৰ্ব ৷ ২৯ জানুৱাৰী দেওবাৰে সন্ধিয়া ৬ বজাত দ্বিতীয় দিনৰ প্ৰথমখন ভাওনা ভোজন বেহাৰ পৰিবেশন কৰিব সুন্দৰীদিয়া সত্ৰই ৷ যোৰহাটৰ টীয়কৰ মণিকূট নাট্যগোষ্ঠীয়ে দ্বিতীয়খন ভাওনা পৰিবেশন কৰিব শ্ৰীশ্ৰীৰাম পৰাজয় সীতাৰ পাতাল গমন (Assamese Bhaona video) ৷

৩০ জানুৱাৰী সোমবাৰে বিয়লি ৪ বজাত মুকলি সভাৰ পিচত তৃতীয় দিনাৰ প্ৰথমখন ভাওনা পৰিবেশন কৰিব বৰপেটা সত্ৰই ৷ তেওঁলোকে পৰিবেশন কৰিব মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত অৰ্জুন-ভঞ্জন ৷ তাৰ পাচতেই গোলাঘাটৰ দেৰগাঁৱৰ ঝুমুৰা কলা কেন্দ্ৰই পৰিবেশন কৰিব দ্বিতীয়খন ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কালীয় দমন ৷ আটাইকেইদিনতে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে ৷

উল্লেখ্য যে, মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনাক জীয়াই ৰখাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু সংস্কৃতিবান লোকে চৰ্চা অব্যাহত ৰাখিছে ৷ শিশু আৰু যুৱ চামৰ মাজতো ভাওনাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰি আহিছে বহু অনুুষ্ঠান আৰু ব্যক্তি বিশেষে ৷ অসমৰ নামনি অঞ্চলতকৈ মধ্য আৰু উজনি অঞ্চলত ভাওনাৰ প্ৰয়োভৰ বেছি (Bhaona in upper Assam) ৷ বিভিন্ন বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানত উজনি আৰু মধ্য অসমৰ নামঘৰ-সত্ৰ আদিত ভাওনা অনুষ্ঠিত কৰা হয় ৷ বহু স্থানত ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতা আদিও অনুষ্ঠিত কৰা হয় ৷ ক্ৰমান্বয়ে ভাওনাৰ জনপ্ৰিয়তা নামনি অসমলৈও প্ৰবাহিত হৈছে ৷ তাৰেই উদাহৰণ স্বৰূপে বৰপেটাত প্ৰথমবাৰৰ বাবে ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: Bhiksha Se Shiksha Ki Ore: ভিক্ষাৰ পাত্ৰ এৰি গণৰাজ্য দিৱসৰ পেৰেডলৈ যাত্ৰা একাংশ শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.