ETV Bharat / state

বৰপেটাৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অগপ নেতা ৰবিউল হুছেইনৰ - বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অগপ নেতা ৰবিউল হুছেইনৰ

পবিত্ৰ ঈদ-উজ-জোহা উপলক্ষে বৰপেটাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত শুকুৰবাৰে খাদ্য় সামগ্ৰী বিতৰণ কৰিলে, বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইনে ৷

অগপ নেতা ৰবিউল হুছেইন
অগপ নেতা ৰবিউল হুছেইন
author img

By

Published : Jul 31, 2020, 6:09 PM IST

বৰপেটা, 31 জুলাই: আগন্তুক পবিত্ৰ ঈদ-উজ-জোহাৰ প্ৰাকক্ষণত আশ্ৰয় শিবিৰত থকা ইছলামধৰ্মী লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে,অগপৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইনে ৷ বৰপেটাত বিধ্বংসী বানে বিস্তৰ ক্ষতিসাধন কৰিছে শতাধিক লোকৰ ৷ নিৰাপদ স্থানৰ সন্ধানত এতিয়াও আশ্ৰয় শিবিৰৰ বাসিন্দা হৈ আছে বহু বানাক্ৰান্ত ৷ কিন্তু বানে বিস্তৰ ক্ষতিসাধন কৰা বানাক্ৰান্তৰ মাজত থকা একাংশ ইছলাম ধৰ্মাৱলম্বী লোক,বিৰত হৈ থাকিবলগীয়া হৈছে পবিত্ৰ ঈদ উদযাপনৰ পৰা ৷

বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অগপ নেতা ৰবিউল হুছেইনৰ

যোৱা ডেৰ মাহে জিলা খনৰ ভিন্ন আশ্ৰয় শিবিৰত বাস কৰি আছে শতাধিক পৰিয়াল ৷ যিহেতু ঈদ উদযাপনৰ পৰা এইবেলি তেওঁলোক বিৰত হৈ থাকিব লাগিব, সেয়ে শুকুৰবাৰে অগপৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইনে চেঙাৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ মাজত বিতৰণ কৰিলে গাখীৰ, চাউল,চেনি,বাদাম,খিচমিচ আদিকে ধৰি ভিন্ন খাদ্য সামগ্ৰী ৷ উপ সভাপতি গৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, স্থানীয় জনপ্ৰতিনিধি শুকুৰ আলী আহমেদে এই পৰ্যন্ত কোনো ধৰণৰ সহায় বানাক্ৰান্তৰ মাজত আগবঢ়োৱা নাই ৷ আনকি বানাক্ৰান্ত অঞ্চলসমূহত ল'বলগীয়া বিহিত ব্যৱস্থাও বিধায়ক গৰাকীয়ে এই পৰ্যন্ত লোৱা নাই বুলি উল্লেখ কৰে অগপ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: নোনা নৈৰ মথাউৰি ছিগি প্লাৱিত নলবাৰীৰ বিস্তীৰ্ণ এলেকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.