জনীয়া, 28 মে’ : ক'ভিড ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিৰ্ধাৰণ কৰা নিৰ্দেশনা বলবৎ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে কলগাছিয়া আৰক্ষী । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সমগ্ৰ গ্ৰাম্যঞ্চল সমূহত ১ বজাৰ লগে লগেই সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়ে আৰক্ষী প্ৰশাসনে ।
যিহেতু কলগাছিয়া অঞ্চলত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে সেয়েহে ক'ভিড নীতি-নিয়ম পালনৰ ক্ষেত্ৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে কলগাছিয়া আৰক্ষী। কিন্তু ময়নবৰী সত্ৰত কিছুদিন পূৰ্বে নীতি বহিৰ্ভূতভাবে ফেচবুকত কলগাছিয়াত চৰকাৰী নিৰ্দেশনা অমান্য কৰি সাপ্তাহিক বজাৰ অনুষ্ঠিত হোৱা বুলি প্ৰকাশ পোৱা বাতৰিত দুখ প্ৰকাশ কৰিছে সমগ্ৰ ময়নবৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে স্থানীয় যুৱকে।
লগতে পঢ়ক : নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি