জনীয়া, 14 জুলাই : বাৰিষাৰ বলিয়া বানে বৰপেটা জিলাৰ জনীয়া সমষ্টিতো বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছে । খাদ্য, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, যাতায়ত সকলো দিশতে এক হাহাকাৰময় পৰিস্থিতি । বানত উটি গৈছে গৰু-ছাগলী, হাঁহ-কুকুৰা আদি পশুধন, আনহাতে থকা খিনিও খাদ্যৰ সংকটত পৰিছে । তাৰ মাজতেই বৰপেটা জিলাৰ ৰূপসী ব্লক কংগ্ৰেছৰ এটা সঁজাতি দলে জনীয়া সমষ্টিৰ বিভিন্ন দুৰ্গত এলেকাত বান পৰিস্থিতিৰ বুজ লয় আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে।

সঁজাতি দলটোৱে বানাক্ৰান্তক প্ৰশাসনে পৰ্যাপ্তভাৱে বান সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে আৰু শীঘ্ৰেই বানত ককবকাই থকা লোকক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । বাঢ়নী পানী শুকুৱাৰ সময়ত শিশু সকলৰ লগতে পশু ধনৰ হ'বলগীয়া বেমাৰৰ প্ৰতি লক্ষ্যৰাখি আগতীয়াকৈ প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহ্বান জনায় সঁজাতি দলটোৰ নেতা-কৰ্মী সকলে। স্থানীয় বিধায়কক দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ আহ্বান জনাইছে সঁজাতি দলটোৰ নেতা-কৰ্মী সকলে।

উল্লেখ্য যে, প্ৰলয়ংকৰী বানত ৰাজ্যৰ প্ৰায় 27 খন জিলা আক্ৰান্ত হোৱাৰ লগতে 1,03,806,15 হেক্টৰ কৃষি ভূমি বুৰ গৈছে বাঢ়নী পানীত ৷ তাৰোপৰি বৰ্তমানলৈকে এই বানত প্ৰাণ হেৰুৱাইছে 50 গৰাকীয়ে ৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বহুকেইখন উপনৈ বিপদসীমাৰ ওপৰেৰে বৈ থকাত ৰাজ্যৰ বান পৰিস্থিতি গম্ভীৰ হৈয়ে আছে ৷
লগতে পঢ়ক : ৰাজ্যত বানত মৃত্যু 50 গৰাকীৰ