জনিয়া, 22 জুন : বানৰ মাজতে ৰাজ্যত আকৌ নাও দুৰ্ঘটনা (Boat accident in Assam) ৷ হোজাইৰ পাচত এইবাৰ জনিয়াৰ ছনপুৰাত দুৰ্ঘটনাগ্ৰস্ত হয় নাও (Boat accident at Jania) ৷ অৱশ্যে এইবাৰ যাত্ৰীবাহি অথবা মানুহ ভৰ্তি নাও নহয়, এইবাৰ বান সাহাৰ্য ভৰ্তি নাও ডুবিল বেকী নৈত ৷ কথমপি প্ৰাণ ৰক্ষা পৰে খালাছীসহ নাৱৰীয়াৰ ।
জানিব পৰা মতে, বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ ছুনপুৰাত বানাক্ৰান্তৰ বাবে অনা হৈছিল 143 কুইন্টল বান সাহাৰ্য ৷ গুৱাহাটীৰ পৰা অভয়াপুৰীলৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথৰ কাষতে ৰখাই থোৱা ট্ৰাকৰ পৰা সামগ্ৰীসমূহ নমাই বেকী নদীত থকা ভূটভূটি নাৱত উঠোৱা হৈছিল ৷ কিন্তু প্ৰশাসন তথা তদাৰকৰ দায়িত্বত থকা লোকৰ গাফিলতিৰ বাবেই নাওখন দুৰ্ঘটনাগ্ৰস্ত হয় (Flood relief boat accident at Jania) ৷
এই অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শী ৰাইজে ৷
তথ্য অনুসৰি, সাহাৰ্য ভৰ্তি নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত প্ৰায় 80 শতাংশ সামগ্ৰী বিনষ্ট হয় ৷ ইয়াৰ ভিতৰত আছিল 99 কুইণ্টল গোধনৰ খাদ্য, 33 কুইণ্টল ডালি, 11 কুইণ্টল নিমখ আৰু অন্যান্য সামগ্ৰীসমূহ ৷ যাক লৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
উল্লেখ্য যে, বাঘবৰ ৰাজহ চক্ৰৰ দহ নম্বৰ লাটৰ বাবে আছিল নাওখন দুৰ্ঘটনাত পতিত হৈ বিনষ্ট হোৱা এই বান সাহাৰ্যৰ সামগ্ৰীসমূহ । মন কৰিব লগীয়া যে, বান সাহাৰ্য বিতৰণৰ নামত প্ৰশাসনে একাংশ নাও অধিগ্ৰহণ কৰিছে যদিও অনুজ্ঞাপত্ৰ নথকা শ শ নাও বেকী নৈত চলাচল অব্যাহত আছে ।
ফলত পৰ্যাপ্ত উদ্ধাৰ সামগ্ৰী নথকা এনে নাও দুৰ্ঘটনাত পতিত হোৱাত ৰাইজে ইয়াক প্ৰশাসনৰ গাফিলতি বুলিহে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক : বন্যাৰ্তক সহায়ৰ হাত নগাঁৱৰ সাংবাদিক সংগঠন নেডমাৰ