ETV Bharat / state

কলগছিয়াৰ গড়কাপ্তানী পথত নাৱেৰে যাতায়ত ৰাইজৰ

প্ৰলয়ংকাৰী বানৰ ফলত ৰাজ্যখনৰ কেবা হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হোৱাৰ লগতে বানৰ কোবাল সোঁতত ৰাজ্যখনৰ কেইবাখনো জিলাৰ বহু সংখ্যক কেবাটাও পথ ইতিমধ্যে ছিঙি গৈছে। ইয়াতে অন্তৰ্ভুক্ত হৈ আছে কলগাছিয়াৰ পৰা মইনবড়ী সংযোগী পথছোৱা ৷ ফলস্বৰূপে পথছোৱাৰ ঠাইয়ে ঠাইয়ে এতিয়া এক আঠু পানী।

author img

By

Published : Jul 17, 2020, 3:32 PM IST

Barpeta
কলগছিয়া

কলগছিয়া, 17 জুলাই : বৰ্তমানেও পানীৰ তলত বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াৰ আৰু মইনবড়ীৰ মাজৰ পথছোৱা ৷ একাঠু পানীৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে ৷ উক্ত গড়কাপ্তানী পথটোত নাও চলাই যাতায়ত কৰিছে লোকসকলে । প্ৰলয়ংকৰী বানৰ ফলত ৰাজ্যখনৰ কেবা হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হোৱাৰ লগতে বানৰ কোবাল সোঁতত ৰাজ্যখনৰ কেইবাখনো জিলাৰ বহু সংখ্যক কেবাটাও পথ ইতিমধ্যে ছিঙি গৈছে। ইয়াতে অন্তৰ্ভুক্ত হৈ আছে কলগাছিয়াৰ পৰা মইনবড়ী সংযোগী পথছোৱা ৷ ফলস্বৰূপে পথছোৱাৰ ঠাইয়ে ঠাইয়ে এতিয়া এক আঠু পানী। ফলত উপায়বিহীন ৰাইজে নাও চলাইছে উক্ত গড়কাপ্তানী পথটোত ।

কলগছিয়াৰ গড়কাপ্তানী পথত নাৱেৰে যাতায়ত ৰাইজৰ

লগতে পঢ়কঃ শুকুৰবাৰে অনুষ্ঠিত হ’ব নেপালৰ কেন্দ্ৰীয় স্থায়ী কমিটিৰ বৈঠক

উল্লেখ্য যে,ছয় মাহ পূৰ্বে পথটো মেৰামতি কৰা হৈছিল যদিও মাটি নেপেলোৱাৰ বাবেই পথটোত দ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হয় ৷ সেই গাঁতত পানী জমা হোৱাত ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে স্থানীয় লোক ৷ সেয়ে পানী শুকুৱাৰ পাছত পথটো ভালদৰে পুনৰ নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ৰাইজে । ইপিনে বৰ্তমানো এক আঠু পানীত ডুবি আছে বনঘুগী গাওঁ পঞ্চায়তৰ কাৰ্যালয় চৌহদ। স্থবিৰ হৈ পৰিছে গাঁও পঞ্চায়তৰ সকলো কাম-কাজ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.