ETV Bharat / state

দুৰৱস্থাই লগ এৰা নাই বানাক্ৰান্তক...

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বানে চলাইছে সন্ত্ৰাস । বানৰ বাবে পাঁচ দিন ধৰি বিদ্যালয়ত আশ্ৰয় পাতি আছে প্ৰায় পাঁচ শতাধিক বানাক্ৰান্তই ।

দুৰৱস্থাই পিছ এৰা নাই বানাক্ৰান্তসকলক
author img

By

Published : Jul 19, 2019, 11:16 AM IST

জনীয়া,১৯জুলাই : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কাদং, ৰছুলপুৰ, ইছপপুৰ, কালামপুৰত বানে চলাইছে সন্ত্ৰাস । ভয়ংকৰ বানৰ বাবে অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক বানাক্ৰান্তই কাদং হাইস্কুলত বিগত পাঁচদিন ধৰি শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰি আছে । সম্প্ৰতি বানাক্ৰান্ত লোকসকলৰ লগত জীৱ-জন্তুসকলে ভুগিছে খাদ্য সংকটত । পাঁচ দিন ধৰি বিদ্যালয়ত আশ্ৰয় পাতি থকা বানাক্ৰান্তসকলৰ ওচৰত উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি । স্থানীয় ৰাইজে বান সাহায্যৰ বাবে বৰপেটা জিলা প্ৰশাসনক অৱগত কৰিছে যদিও বানাক্ৰান্তৰ হকে বৰপেটা জিলা প্ৰশাসনে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰে বানাক্ৰান্তসকলে ।

Intro:slug: as_jania_19jul_flood_camp_lementation_vis3+byt3_spl_pkg_story_asc10058

জনীয়া, ১৯ জুলাই: কাদঙ হাইস্কুলত শিবিৰ পাতি থকা বানপীড়িতৰ মাজত হাহাকাৰ, খবৰ নোলোৱাতৰ অভিযোগ বৰপেটা জিলা প্ৰশাসনৰ।Body:slug: as_jania_19jul_flood_camp_lementation_vis3+byt3_spl_pkg_story_asc10058

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কাদং, ৰছুলপুৰ, ইছপপুৰ, কালামপুৰ আদি কৰি কেইবাখনো চৰকাৰৰ প্ৰায় পাঁচ শতাধিক বানপীড়িতই কোনোমতে নিজৰ নিজৰ জীৱনটো বচাই কাদং হাইস্কুলত বিগত পাঁচদিন ধৰি শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে। সম্প্ৰতি বানাক্ৰান্ত মানুহ খিনিয়ে হাঁহ-কুকুৰা, ভেৰা-ছাগলী আদিলৈ অন্ন, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, দৰব আদি কেউফালৰ হাহাকাৰময় পৰিস্থিতিত পৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে বৰপেটা জিলা প্ৰশাসনক অৱগত কৰিছে যদিও কাদং হাইস্কুলত শিবিৰ পাতি থকা বানাক্ৰান্তৰ হকে বৰপেটা জিলা প্ৰশাসনে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে পশু ধনৰ খাদ্য সংকটে বানাক্ৰান্ত মানুহখিনিক আৰু অধিক বিপদগ্ৰস্ত কৰিছে। বানাক্ৰান্ত ৰাইজে বৰপেটা জিলা প্ৰশাসনৰ কৃপাৰ দৃষ্টি কামনা কৰিছে।Conclusion:slug: as_jania_19jul_flood_camp_lementation_vis3+byt3_spl_pkg_story_asc10058

মন্তব্য: বানাক্ৰান্ত আৰু স্থানীয় ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.