ETV Bharat / international

নিজৰ দেশত ৰে’ল চলাবলৈ ভাৰতৰ ওপৰত কিয় নিৰ্ভৰশীল নেপাল ?

নেপালে নিজৰ নাগৰিকক ৰে’ল সেৱা পৰিচালনা কৰিবলৈ প্ৰশিক্ষণ দিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত হিমালয়ৰ কাষৰীয়া দেশখন কেৱল ভাৰতীয় কোম্পানীটোৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ।

NEPAL PASSENGER RAIL OPERATIONS
নিজৰ দেশত ৰে’ল চলাবলৈ ভাৰতৰ ওপৰত কিয় নিৰ্ভৰশীল নেপাল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 9:06 AM IST

নতুন দিল্লী: নেপালে নিজৰ ৰে’ল পৰিচালনাৰ বাবে কৰ্মচাৰীক প্ৰশিক্ষণ দিব নোৱাৰাৰ বাবে ভাৰতৰ কংকন ৰে’লৱে কৰ্প’ৰেশ্যন লিমিটেড (কে আৰ চি এল)ৰ সৈতে সীমা অতিক্ৰম কৰি যাত্ৰীবাহী ৰে’ল সেৱাৰ চুক্তিৰ ম্যাদ আৰু অধিক বৃদ্ধি কৰা হৈছে ।

কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জয়নগৰ-কুৰ্থা যাত্ৰীবাহী ৰে’ল সেৱা চলাবলৈ কে আৰ চি এলৰ সৈতে বৰ্তমানৰ চুক্তিৰ সময় বৃদ্ধি পাব । যদিহে চুক্তিৰ ম্যাদ বৃদ্ধি নহয় তেন্তে ভাৰত আৰু নেপালৰ মাজত একমাত্ৰ সীমা অতিক্ৰম কৰি ৰে’ল সেৱা বন্ধ হোৱাৰ সম্ভাৱনা আছে । বৰ্তমান কে আৰ চি এলে ইঞ্জিন চালককে ধৰি ২৮ জন ৰেল টেকনিচিয়ানক এই সেৱাৰ বাবে প্ৰদান কৰে ।

নেপালে নিজৰ দেশৰ নাগৰিকক ৰে’ল সেৱা চলোৱাৰ প্ৰশিক্ষণ দিব নোৱাৰাৰ বাবে হিমালয়ৰ কাষৰীয়া দেশখন কেৱল ভাৰতীয় কোম্পানীটোৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে । নেপাল ৰে’লৱেৰ জেনেৰেল মেনেজাৰ নিৰঞ্জন ঝাৰ উদ্ধৃতিৰে কাঠমাণ্ডু পোষ্টৰ প্ৰতিবেদনত কোৱা হৈছে, ‘‘আমি ভাৰতলৈ মানুহক প্ৰশিক্ষণৰ বাবে পঠিয়াবলৈ ব্যৰ্থ হৈছো, গতিকে এইবাৰ কে আৰ চি এলৰ সৈতে চুক্তিৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ বাহিৰে আমাৰ হাতত কোনো বিকল্প নাই । যদিও চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই, তথাপিও আমি এইদৰেই চিন্তা কৰি আছোঁ ।”

নেপাল চৰকাৰে নেপাল ৰে’লৱে কোম্পানী লিমিটেড (এন আৰ চি এল) গঠন কৰে যাক জয়নগৰ- কুৰ্থা খণ্ডত ৰেল সেৱা আৰু ৰেল ব্যৱস্থা পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হয় । এন আৰ চি এলে জয়নগৰ-কুৰ্থাত ৰে’ল চলাচল আৰম্ভ কৰাৰ ঠিকা কে আৰ চি এলক প্ৰদান কৰে ।

বিহাৰৰ জয়নগৰক নেপালৰ জনকপুৰ চহৰৰ সৈতে সংযোগ কৰি সীমা অতিক্ৰমী জয়নগৰ-কুৰ্থা ৰেলপথ স্থাপন কৰা হয় । ই জয়নগৰ-বিজলপুৰা-বৰদিবাস ৰেল সংযোগৰ অংশ, যিটো নেপাল আৰু ভাৰতৰ মাজত পৰিকল্পিত পাঁচটা সীমা অতিক্ৰমী সংযোগৰ ভিতৰত অন্যতম ।

২০২২ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ তেতিয়াৰ নেপালী সমকক্ষ শ্বেৰ বাহাদুৰ দেউবাই উদ্বোধন কৰা জয়নগৰ-কুৰ্থা লাইনটো ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ইয়াৰে বিহাৰত তিনি কিলোমিটাৰ আৰু বাকীখিনি নেপালত আছে । ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ চহৰ জনকপুৰকে ধৰি ৰে’লৱেৰ ৮ টা ষ্টেচন আৰু ষ্টপ আছে ।

ভাৰত চৰকাৰৰ সহযোগত জয়নগৰ-বিজলপুৰা-বৰদিবাস ৰেল সংযোগ নিৰ্মাণৰ কাম চলি আছে । বৰ্তমান কুৰ্থাৰ পৰা বিজলপুৰালৈ লাইনৰ দ্বিতীয় খণ্ডৰ কাম চলি আছে । বিজলপুৰাৰ পৰা বৰদিবাসলৈ তৃতীয় খণ্ডটোত বৰ্তমান ভূমি অধিগ্ৰহণৰ বাবে চৰ্চা চলি আছে ।

ঝাৰ মতে, এন আৰ চি এল প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ কৰাত ব্যৰ্থ হোৱাটোৱেই এই পলমৰ আঁৰৰ মূল কাৰণ । ‘‘ৰে’ল সেৱাৰ কৰ্মচাৰীৰ বাবে নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় পাঠ্যক্ৰমো আমি প্ৰস্তুত কৰিব পৰা নাছিলো । এতিয়া লোকসেৱা আয়োগে ডিচেম্বৰৰ শেষৰ ফালে বিভিন্ন খালী পদৰ বাবে ২২৪ জন ব্যক্তিক নিযুক্তি দিবলৈ সন্মত হৈছে ।” তেওঁ কয় ৷

এন আৰ চি এলে গেট মেন, পইণ্ট মেন, ছুইপাৰকে ধৰি ১১৫ জন নেপালী কৰ্মচাৰী নিযুক্তি দিয়াৰ বিপৰীতে কাৰিকৰী দিশটো ভাৰতীয়ই চম্ভালিছে । নেপালত ৰে’ল পৰিবহণ পৰিচালনাৰ ক্ষেত্ৰত কে আৰ চি এলৰ জড়িততাই ভাৰত আৰু নেপাল উভয়ৰে বাবে এক উল্লেখযোগ্য উন্নয়নক প্ৰতিনিধিত্ব কৰে, যাৰ অৰ্থনৈতিক সংহতি, বাণিজ্যিক সংযোগ, আন্তঃগাঁথনি উন্নয়ন, আৰু দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে ।

এই সীমা অতিক্ৰম কৰা ৰেল সেৱাৰ কৌশলগত মূল্য আছে, কাৰণ ই দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধি কৰে, পাৰস্পৰিক অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰে আৰু নেপালক নিৰ্ভৰযোগ্য, দক্ষ আৰু খৰচ-বহনক্ষম পৰিবহণ বিকল্পৰ অতি প্ৰয়োজনীয় সুবিধা প্ৰদান কৰে ।

ভাৰতীয় ৰে’ল নেটৱৰ্কৰ সৈতে একত্ৰিত কৰিবলৈ নেপালৰ ৰে’ল আন্তঃগাঁথনি উন্নয়নত বিনিয়োগ কৰিছে ভাৰতে, আৰু কংকন ৰে’লৱেৰ জড়িতকৰণ এই ৰে’লৱেসমূহ কাৰ্যকৰী কৰাৰ দিশত এক পদক্ষেপ ।

স্থলপথত আবদ্ধ দেশ হিচাপে নেপালৰ অৰ্থনীতি বাণিজ্যৰ বাবে বিদেশী সাগৰীয় বন্দৰত প্ৰৱেশৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল । ভাৰতে ভাৰতীয় ৰে’ল নেটৱৰ্কৰ জৰিয়তে হালদিয়া আৰু বিশাখাপট্টনকে ধৰি ভাৰতীয় বন্দৰসমূহলৈ নেপালক উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে । এই প্ৰৱেশে নেপালৰ পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু ৰপ্তানি আৰু আমদানি প্ৰক্ৰিয়া মসৃণ কৰে, শেষত বিশ্ব বজাৰৰ সৈতে নেপালৰ সংযোগ বৃদ্ধি কৰে ।

কে আৰ চি এলৰ দ্বাৰা ৰেল সেৱাৰ পৰিচালনাই নেপালৰ ঘনিষ্ঠ অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাক শক্তিশালী কৰে, অন্যান্য আঞ্চলিক প্ৰভাৱৰ প্ৰতি ভাৰসাম্য ৰক্ষা কৰে । বৰ্ধিত সংযোগে নেপালৰ বাণিজ্য আৰু অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ বাবে তৃতীয় দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, যিটো দক্ষিণ এছিয়াত নেপালৰ কেন্দ্ৰীয় অৱস্থান আৰু ভাৰত আৰু চীনৰ মাজত প্ৰৱেশদ্বাৰ হিচাপে ইয়াৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কৌশলগতভাৱে মূল্যৱান ।

আঞ্চলিক স্থিতিশীলতা আৰু নিৰাপত্তাৰ বাবে নিৰ্ভৰযোগ্য পৰিবহণ আন্তঃগাঁথনি অতি প্ৰয়োজনীয়, কিয়নো ই অৰ্থনৈতিক আন্তঃনিৰ্ভৰশীলতা বৃদ্ধি কৰে । কে আৰ চি এলৰ নেতৃত্বত এই পদক্ষেপসমূহ ভাৰতৰ বহল চুবুৰীয়া প্ৰথম নীতিৰ সৈতে মিল আছে, যাৰ লক্ষ্য হৈছে চুবুৰীয়া দেশসমূহৰ সৈতে সুস্থিৰ, সহযোগিতামূলক সম্পৰ্ক গঢ়ি তোলা । এই ৰে’ল সংযোগে ভাৰত আৰু নেপালক উপকৃত কৰাই নহয়, দক্ষিণ এছিয়াৰ সামগ্ৰিক স্থিতিশীলতা আৰু সংযোগত অৰিহণা যোগায় ।

এই প্ৰেক্ষাপটতে নেপালৰ বাবে ৰে’ল সেৱা চলাবলৈ নিজাকৈ প্ৰশিক্ষিত কৰ্মচাৰী থকাৰ প্ৰয়োজনীয়তাই গুৰুত্ব লাভ কৰে ।

লগতে পঢ়ক: কাজান ব্ৰিকছ সন্মিলনৰ পৰা কি লাভ হ'ল ভাৰতৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.