জনীয়া, 12 জুলাইঃ বৰপেটা জিলাৰ জনীয়াত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ ইতিমধ্যে জনীয়া-হাউলি গড়কাপ্তানী সংযোগী পথটো চিঙি যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত ৷
দীৰ্ঘদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ ঠিক একেদৰে বৰপেটাৰ জনীয়াতো ইতিমধ্যে বানত জলমগ্ন হৈছে বিভিন্ন অঞ্চল ৷ ইফালে দেওবাৰে ব্যস্ততাপূৰ্ণ জনীয়া-হাউলি গড়কাপ্তানি পথটোৰ সালেকুৰা-জনীয়া বজাৰ জামে মছজিদৰ ওচৰত বানৰ কোবাল সোঁতত ছিঙি গৈছে । যাৰ ফলত সালেকুৰা, ডাউকমাৰী, জনীয়া, বাংলীপাৰা, ছাপৰা আদি বহুতো গাঁৱৰ লোক আৱদ্ধ হৈ পৰিছে ।
বানৰ বিভীষিকাই সৰ্ব সাধাৰণ ৰাইজক জীয়াতু ভোগাইছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনীয়া গাওঁ পঞ্চায়তৰ সভাপতি ছাবেদ আলীকে ধৰি কোনো এজন জনপ্ৰতিনিধিয়ে খবৰ নোলোৱা বুলি অভিযোগ কৰে ৰাইজে । উল্লেখ্য যে, প্ৰতি বছৰে একে ঠাইতে পথটো খহি যোৱাৰ কাৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজৰ মাজত ৷ কিন্তু উক্ত পথটোত ৰাইজে এটা কালভাৰ্ট দিবলৈ গড়কাপ্তানি বিভাগৰ লগতে স্থানীয় জন প্ৰতিনিধিক বাৰম্বাৰ আহ্বান জনাইছিল যদিও ৰাইজৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন হৈছে ৷ তাৎক্ষনিকভাবে ৰাইজক যাতায়তৰ বাবে সু-ব্যবস্থা কৰি দিবলৈ গড়কাপ্তানী বিভাগৰ লগতে জনীয়া গাওঁ পঞ্চায়তৰ সভাপতি ছাবেদ আলীক ৰাইজে আহ্বান জনাইছে ।
লগতে পঢ়ক- ক্ৰমাৎ শোচনীয় হৈছে কমলপুৰৰ বান পৰিস্থিতি