ETV Bharat / state

জলমগ্ন বৰপেটাৰ বিস্তীৰ্ণ অঞ্চল

বৰপেটা জিলাৰ সৰ্থেবাৰী বিভিন্ন অঞ্চল বানৰ কবলত ৷ ইতিমধ্যে বানত ডুব গৈছে ঘৰ-দুৱাৰ, চিকিৎসালয়ৰ লগতে বহু সা-সম্পত্তিৰ ৷

Flood At Barpeta District
জলমগ্ন বৰপেটাৰ বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jun 28, 2020, 8:29 PM IST

বৰপেটা, ২৮ জুনঃ বৰপেটা জিলাৰ লগতে সৰ্থেবাৰীত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি হৈছে ৷ ইতিমধ্যে বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জিলা খনৰ বিভিন্ন অঞ্চল ৷

জলমগ্ন বৰপেটাৰ বিস্তীৰ্ণ অঞ্চল

উল্লেখ্য যে, ৰাজ্যত দীৰ্ঘ দিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে বৰপেটাৰ সৰ্থেবাৰীত বুঢ়াদিয়া নৈ খনতো জলপৃষ্ঠ হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰৰ লগতে সৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয় খনো বানত ডুব যায় ৷ উক্ত চিকিৎসালয় খনত পানী সোমোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগী সকলৰ লগতে চিকিৎসালয়ৰ কৰ্মচাৰী সকলৰ ৷ আনহাতে চিকিৎসালয় খনৰ এজন কৰ্মীয়ে এখন টুলুঙা নাৱেৰেই ৰোগী সকলক অহা যোৱাৰ ব্যৱস্থা কৰি দিছে ৷ তাৰোপৰি সৰ্থেবাৰী অঞ্চলৰ কেইবাটাও পথৰ ওপৰেৰে পানী বাগৰাৰ লগতে আৰক্ষী থানা চৌহদতো বাঢ়নী পানীয়ে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে । এই ভয়ংকৰ বানত ঘৰ-দুৱাৰ, পশু-পক্ষীৰ লগতে বহু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয় বানাক্ৰান্ত লোক সকলৰ ৷

লগতে পঢ়ক- জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.