ETV Bharat / state

কৃত্ৰিম বানত বুৰিছে কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ - kalgachia

কৃত্ৰিম বানে দীৰ্ঘদিনে ব্যাহত কৰিছে কৰি আহিছে কলগাছিয়াৰ স্বাভাৱিক জন-জীৱন ৷ এজাক বৰষুণতেই কলগাছিয়াত সৃষ্টি হোৱা কৃত্ৰিম বানত ভাৰাক্ৰান্ত স্থানীয় লোক ৷ সংবাদ মাধ্যমযোগে কৃত্ৰিম বান সমস্য়াৰ স্থায়ী সমাধানৰ দাবী জনালে ভুক্তভোগী ৰাইজে ৷

কৃত্ৰিম বান
কৃত্ৰিম বান
author img

By

Published : Sep 17, 2020, 12:38 PM IST

জনীয়া, 17 ছেপ্তেম্বৰ: এজাক বৰষুণতেই কলগাছিয়াত সৃষ্টি হোৱা কৃত্ৰিম বানত বুৰ যায় কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ যাৰ ফলত সম্প্ৰতি কাম-কাজ বন্ধ হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটোৰ ৷ কোনো ৰোগী বা স্বাস্থ্যকৰ্মীয়েই প্ৰৱেশ কৰিব পৰা নাই স্বাস্থ্য কেন্দ্ৰটোত ৷

কৃত্ৰিম বানত বুৰিছে কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

উল্লেখ্য যে, এজাক বৰষুণতে কৃত্ৰিম বানে বুৰাই পেলোৱা অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত আজিলৈ জনপ্ৰতিনিধি সকলে গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ কৃত্ৰিম বানে স্বাস্থ্য কেন্দ্ৰটোৰ আবাস গৃহসমূহো বুৰাই পেলোৱাৰ ফলত সম্প্ৰতি তাত থাকিবলৈয়ো উপায় নোহোৱা হৈছে চিকিৎসক কিম্বা আন আন চিকিৎসা কৰ্মী সকলৰ ৷ কৃত্ৰিম বানৰ ফলত দীৰ্ঘদিনে অসুবিধাৰ সন্মুখীন হৈ অহা ৰাইজে সম্প্ৰতি সেই সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক আৰু জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ লগতে আন আন প্ৰতিনিধি সকলৰ পৰা ৷

লগতে পঢ়ক: জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.