বৰপেটা, 3 আগষ্ট : এইবাৰ বৰপেটাত ভুৱা মাৰ্কশ্বীট, চাৰ্টিফিকেটৰ পয়োভৰ ৷ মেট্ৰিকৰ ভুৱা মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰস্তত কৰা এটা চক্ৰৰে সৈতে জড়িত থকাৰ অভিযোগত দুজনৰ লগতে তিনিজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিলে বৰপেটা আৰক্ষীয়ে ৷ মেট্ৰিকৰ ভুৱা মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট ব্যৱহাৰ কৰি বৰপেটাৰ গৰেমাৰীৰ মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল কেইবাজনো ছাত্ৰই ৷ ইপিনে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই তিনি ছাত্ৰক গ্ৰেপ্তাৰৰ পিচতে জালত পৰে চক্ৰটোৰ সৈতে জড়িত দুই যুৱক(Fake Certificate Supplier arrested in Barpeta) ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকল ক্ৰমে চহিদুল ইছলাম, হাফিজুৰ ৰহমান, চানোৱাৰ ৰহমান, মহিবুল ইছলাম আৰু মোজাম্মেল হক ৷ ইয়াৰে ছাত্ৰ তিনিগৰাকী হ'ল চহিদুল ইছলাম, হাফিজুৰ ৰহমান আৰু চানোৱাৰ ৰহমান ৷ আনহাতে, মহিবুল ইছলাম আৰু মোজাম্মেল হক নামৰ দুই যুৱকে যোগান ধৰি আহিছিল ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ৷
আনহাতে ধৃত ৫ জনক ইতিমধ্যে বৰপেটা আৰক্ষীয়ে ৫ দিনৰ বাবে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে(Five arrested with fake marksheet and certificate in Barpeta) । জেৰাত চক্ৰটোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভুৱা মাৰ্কশ্বীট, চাৰ্টিফিকেট যোগান ধৰাৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে বৰপেটা আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা মতে, ভুৱা মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰস্তুত কৰা বৃহৎ চক্ৰৰে সৈতে জড়িত কেইবাজনেও আত্মগোপন কৰি আছে ৷ সেয়ে এই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Fake PhD degree: 70 গৰাকী কলেজ শিক্ষকৰ ভৱিষ্যৎ সন্দিহানত