ETV Bharat / state

দুটা পৃথক অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ !

author img

By

Published : Apr 1, 2020, 5:41 PM IST

কলগাছিয়া আৰু দক্ষিণ শালমৰাত ভয়ানক অগ্নিকাণ্ড অগ্নিকাণ্ডত চাৰিটাকৈ ঘৰ ভস্মীভূত হোৱাৰ লগতে অগ্নিদগ্ধ হয় এগৰাকী কিশোৰ ৷ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট ৷

fire broke out in kalgachia and south salmora

কলগাছিয়া,ধুবুৰী,1 এপ্ৰিল : চাৰিওফালে লক্ ডাউন চলি থকাৰ সময়তে হঠাৎ বালাৰপাথাৰ গাঁৱত সংঘটিত হৈছে ভয়ানক অগ্নিকাণ্ড ৷ আবু বক্কৰ ছিদ্দিক নামৰ এজন ব্যক্তিয়ে নিজৰ বাঁহনিত জ্বলোৱা জুইয়ে ওচৰতে থকা কাদেৰ আলী নামৰ লোকজনৰ ঘৰ আগুৰি ধৰে ৷ যাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুটাকৈ ঘৰ । অগ্নিনিৰ্বাপ বাহিনীয়ে অগ্নি নিৰ্বাপন কৰে যদিও ঘৰত থকা সকলো বস্তুৰ লগতে নথি-পত্ৰ জুইত জ্বলি ছাঁই হয় । অগ্নিকাণ্ডটোত প্ৰায় তিনি লাখ টকাৰ ক্ষতি হোৱা বুলি জনাইছে স্থানীয় লোকে । এই ভয়াবহ অগ্নিকাণ্ডৰ পৰা বাঁহনীৰ ওচৰে-পাজৰে থকা কেইবাটাও পৰিয়ালৰ বাসগৃহ কথমপিহে ৰক্ষা পৰে।

কলগাছিয়াত জংঘল জ্বলোৱা জুইত জাহ গ'ল বাসগৃহ

আনহাতে, দক্ষিণ শালমৰাতো সংঘটিত হয় আন এক ভয়ংকৰ অগ্নিকাণ্ড । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত টাকিমাৰী গাঁৱত যোৱা মাজনিশা সংঘটিত হোৱা অগ্নিকাণ্ডটোত আবু বক্কৰ ছিদ্দিক নামৰ লোকজনৰ দুটাকৈ ঘৰৰ লগতে প্ৰায় দহ লাখ টকাৰ সা-সম্পতি আৰু নথি-পত্ৰ জুইত জাহ যায় ৷ তাৰোপৰি আবু বক্কৰৰ পুত্ৰ নুৰুল হক নামৰ কিশোৰগৰাকী জুইত অগ্নিদগ্ধ হয় ৷ অগ্নিকাণ্ডত সকলো ছাঁই হোৱা পৰিয়ালটোৰ হাতত বৰ্তমান পুত্ৰক চিকিৎসা কৰিবলৈও নাই সামৰ্থ । সেয়েহে অগ্নিদগ্ধ কিশোৰ গৰাকীয়ে গোৱালপাৰা ছোলেছ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিব লগীয়া হৈছে । কোনোবাই সহায় কৰিব বিচাৰিলে United Bank of India A/c No ১১০২০১০২৪২৯১২ IFC:- UTBI0SUKG71-ত সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ।

দক্ষিণ শালমৰাত দুটাকৈ বাসগৃহ ভস্মীভূত

লগতে পঢক : অসমৰ কৰ'ণা ৰোগী : কি কয় কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.