ETV Bharat / state

বাঘবৰৰ সত্ৰকনৰাত ভয়ংকৰ অগ্নিকাণ্ড - MASSIVE FIRE INCIDENT AT BARPETA DISTRICT IN ASSAM

বাঘৱৰৰ সত্ৰকনৰাত হুমায়ুন আলী আহমেদৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ১৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

বাঘৱৰৰ সত্ৰকনৰাত ভয়ংকৰ অগ্নিকাণ্ড
বাঘৱৰৰ সত্ৰকনৰাত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Apr 28, 2021, 6:42 PM IST

জনীয়া, ২৮ এপ্ৰিল: বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰকনৰাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত হুমায়ুন আলী আহমেদ নামৰ এজন ব্যক্তিৰ আবাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ।

কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইফালে এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা । আহত মহিলা গৰাকীক মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ।

বাঘৱৰৰ সত্ৰকনৰাত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত ৭ লাখ নগদ ধন আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ প্ৰায় ১৫ লাখ টকাৰ সা-সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বুলি ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়ে । স্থানীয় ৰাইজৰ তৎপৰতাত অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ পিছতে মন্দিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:পুৱাতেই প্ৰৱল ভূঁইকপে জোঁকাৰি গ’ল সমগ্ৰ ৰাজ্যক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.