ETV Bharat / state

বৰপেটাত সাংবাদিকৰ বিৰুদ্ধে গোচৰ - ডাঃ ছামছুল আলম

ফেচবুকত বিতৰ্কমূলক পোষ্ট কৰাৰ অভিযোগ সাংবাদিকৰ বিৰুদ্ধে ৷ দোস্ত হাফিজুৰ ৰহমানে উত্থাপন কৰা অভিযোগ অস্বীকাৰ ডাঃ ছামছুল আলমৰ

বৰপেটাত সাংবাদিকৰ বিৰুদ্ধে গোচৰ
author img

By

Published : Aug 3, 2019, 2:48 PM IST

জনীয়া, 3 আগষ্ট : বৰপেটাত সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল আলমে সাংবাদিক দোস্ত হাফিজুৰ ৰহমানৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷ ফেচবুকত বিতৰ্কমূলক পোষ্ট কৰাৰ লগতে হিন্দু - মুছলমানৰ সম্প্ৰীতিত আঘাত দিয়াৰ অভিযোগ সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৷ লগতে, চিকিৎসকগৰাকীৰ বিৰুদ্ধে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভুৱা অভিযোগ দিয়া বুলিও উল্লেখ কৰে ৷ শনিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অধীক্ষকগৰাকীয়ে তেওঁৰ বিৰুদ্ধে সাংবাদিকগৰাকীয়ে উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰে ৷

বৰপেটাত সাংবাদিকৰ বিৰুদ্ধে গোচৰ

উল্লেখ্য যে, অধীক্ষকগৰাকীৰ বিৰুদ্ধে হিন্দু চিকিৎসক-কৰ্মচাৰীক বৈষম্যমূলক আচৰণ কৰাৰ লগতে মুছলমান চিকিৎসক - কৰ্মচাৰীক ৰেহাই দিয়া বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল সাংবাদিকগৰাকীয়ে ৷

Intro:slug: as_jania_03aug_press_meet_byt5+pho1_spl_story_asc10058

জনীয়া, ০৩ আগষ্ট: এজন সাংবাদিকৰ বিৰুদ্ধে বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ সংবাদমেল। সাংবাদিক গৰাকীয়ে বাতৰি পৰিৱেশন নকৰি ফেচবুকত বিতৰ্কমূলক পোষ্ট কৰাৰ লগতে হিন্দু-মুছলমানৰ ৰং সানি স্বাস্থ্য মন্ত্ৰীক দিছিল অভিযোগ। সাংবাদিক গৰাকীৰ বিৰুদ্ধে থানাত গোচৰ।Body:slug: as_jania_03aug_press_meet_byt5+pho1_spl_story_asc10058

দোস্ত: হাফিজুৰ ৰহমান নামৰ মইনবড়িৰ সাংবাদিকৰ বিৰুদ্ধে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল আলমে সংবাদ মেল আয়োজন কৰে। সাংবাদিক গৰাকীয়ে বাতৰি পৰিৱেশন নকৰি অধীক্ষক গৰাকী আৰু চিকিৎসালয়ৰ বিৰুদ্ধে কিছুমান ভুৱা অভিযোগ কৰি সামাজিক মাধ্যম ফেচবুকত পোষ্ট কৰাৰ লগতে অধীক্ষক গৰাকীয়ে হিন্দু চিকিৎসক-কৰ্মচাৰীক বৈষম্যমূলক আচৰণ কৰাৰ লগতে হাৰাশাস্তি কৰে আৰু মুছলমান চিকিৎসক - কৰ্মচাৰীক ৰেহাই দিয়া বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিয়ে। সাংবাদিক গৰাকীয়ে অনা অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি ডাঃ আলমে দাবী কৰাৰ লগতে কৰ্মচাৰী সকলেও এই অভিযোগ মিছা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। এই সম্পৰ্কে দোস্ত হাফিজুৰ ৰহমানৰ বিৰুদ্ধে থানাত গোচৰ দিছে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে চিকিৎসালয়খনত ছিজাৰীয়ানৰ নামত ৰোগীৰ অভিভাৱকৰ পৰা ধন সংগ্ৰহ আৰু চিকিৎসালয়ত চলা দালালৰাজ সম্পৰ্কে প্ৰশ্ন কৰাত এই ধৰণৰ ঘটনা চিকিৎসালয়ত চলে বুলি পাকে প্ৰকান্তৰে স্বীকাৰ কৰে। এইখন চিকিৎসালয়ত সকলো বিনামূলীয়া যদিও কোনোবাই কোনো কাৰণতে টকা বিচাৰিলে অধীক্ষকৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।Conclusion:slug: as_jania_03aug_press_meet_byt5+pho1_spl_story_asc10058

মন্তব্য: সংবাদমেলত ডাঃ ছামছুল আলম আৰু কৰ্মচাৰীৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.