বৰপেটা, ১৬ ডিচেম্বৰ: বৰপেটাত উপস্থিত ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতি শান্তিয়াছ কুজুৰ (BJP Minority Morcha state president Santius Kujur) ৷ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিচত বৰপেটাত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা নেতাগৰাকীক বৃহস্পতিবাৰে বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চা(Barpeta district Minority Morcha)ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷
জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি মুক্তাৰ হুছেইন খানৰ লগতে জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ধনী আলী আৰু সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত জিলা সমিতিৰ নেতাসকলে অংশগ্ৰহণ কৰে ৷
ইপিনে ৰাজ্যৰ সংখ্যালঘু লোকসকলে যাতে চৰকাৰী আঁচনিৰ সুফল সমূহ লাভ কৰিব পাৰে, তাৰ বাবে তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ দলীয় নেতাসকলৰ প্ৰতি আহ্বান জনায় ৷ ইয়াৰ ফলত সংখ্যালঘু লোকসকলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব বুলিও নৱ নিৰ্বাচিত সভাপতিগৰাকীয়ে আশা প্ৰকাশ কৰে ৷
আনহাতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি মুক্তাৰ হুছেইন খানে ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত বিজেপিৰ সাংগঠনিক ভেটি আৰু সমৰ্থন বৃদ্ধি হোৱা বুলিও দাবী কৰে ৷
লগতে পঢ়ক: শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং