ETV Bharat / state

তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

author img

By

Published : Feb 9, 2020, 5:39 PM IST

তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে কৃষক ৷ বৰপেটাৰ জনিয়া সমষ্টিৰ জহোৰপাম অঞ্চলৰ শ-শ তিয়ঁহ খেতিয়কৰ এতিয়া চৰম দুৰ্দশা ৷ কাৰণ বজাৰত তিয়ঁহৰ মূল্য মাত্ৰ এটকাৰ পৰা ডেৰটকা ৷

Farmers saught Government's help to produce cucumber
তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

বৰপেটা, 9 ফেব্ৰুৱাৰীঃ এফালে বজাৰত জুই আৰু আনফালে দুৰ্ভোগ খেতিয়কৰ ৷ তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে কৃষক ৷ বৰপেটাৰ জনিয়া সমষ্টিৰ জহোৰপাম অঞ্চলৰ শ-শ তিয়ঁহ খেতিয়কৰ এতিয়া চৰম দুৰ্দশা ৷ কাৰণ বজাৰত তিয়ঁহৰ মূল্য মাত্ৰ এটকাৰ পৰা ডেৰ টকা ৷ ঋণ লৈ তিয়ঁহ খেতি কৰা খেতিয়কসকলৰ এতিয়া মুৰে কপালে হাত দিবলগীয়া অৱস্থা ৷

খেতিয়কসকলে প্ৰতিবিঘা তিয়ঁহৰ খেতি 40ৰ পৰা 50 হাজাৰ টকা খৰছ কৰি কৰিছিল খেতি ৷ কিন্তু তিয়ঁহ বিক্ৰী কৰি 10 হাজাৰ টকাও পোৱা নাই এই দুৰ্ভগীয়া খেতিয়কসকলে ৷ ফলত তীব্ৰ সংকটে দেখা দিছে কৃষকসকলৰ পৰিয়াল পোহপালত ৷ এই বৰপেটা জনিয়া জাহোৰপাম অঞ্চলৰ খেতিয়কে ৰাজ্য চৰকাৰৰ প্ৰতি জনাইছে এইক্ষেত্ৰত আবেদন ৷ চৰকাৰে ইয়াৰ ওপৰত সহায়ৰ হাত আগনবঢ়ালে আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰে এইসকল দুৰ্ভগীয়া কৃষকসকলে ৷

তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

কৃষকসকলৰ এই দুৰ্দশাৰ মাজতে আহিছে এক আশাৰ বাতৰি ৷ এই দুৰ্ভগীয়া খেতিয়কসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে বৰপেটা জিলা কৃষি বিভাগ ৷ বৰপেটাৰ জিলা কৃষি বিষয়াই জনোৱামতে, পূৰ্বতে পাকিস্তান, নেপাল, বাংলাদেশ, ভুটান, ম্যানমাৰ আদি দেশসমুহলৈ ৰপ্তানি হৈছিল বৰপেটাত উৎপাদিত তিয়ঁহ ৷ কিন্তু এইবেলি বিদেশলৈ পঠাব পৰা নাই বৰপেটাৰ তিয়ঁহ, ‍ফলত লোকচানৰ সন্মুখীন হোৱা তিয়ঁহ খেতিয়কসকলক সকাহ দিয়াৰ বাবে আগবাঢ়ি আহিছে কৃষি বিভাগ ৷ ইতিমধ্যে লোকচানৰ সন্মুখীন হোৱা খেতিয়কসকলক সাক্ষাৎ কৰি খেতিয়কসকলক ফাৰ্মাৰচ্ প্ৰডিউচাৰ কোম্পানী এটা গঠনৰ পৰামৰ্শ আগবঢ়াইছে কৃষি বিভাগে ৷ ইয়াৰ জৰিয়তে বৰপেটাৰ কৃষকে উৎপাদন কৰা সকলো পাচলি, ফল মুল আদি উচিত মূল্যত বিক্ৰী কৰিব পাৰিব বুলিও বৰপেটা জিলা কৃষি বিষয়া কৃষ্ণকান্ত পাঠকে জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল গুৱাহাটী বিশ্ববিদ্যালয়

Intro:
বৰপেটা, ৯ ফেব্ৰুৱাৰীঃ বৰপেটাৰ জনীয়া সমষ্টিৰ জাহোৰপাম অঞ্চলৰ শ শ তিয়হ খেতিয়কৰ এতিয়া চৰম দূৰ্দশা ৷ তিয়হ খেতি কৰি সৰ্বস্বান্ত হবলগীয়া হৈছে খেতিয়ক ৷ কাৰণ বৰপেটা ৰোডৰ পাইকাৰী বজাৰত প্ৰতিকিলো তিয়হৰ মূল্য এতিয়া মাথাে এটকাৰ পৰা ডেৰটকা ৷ আনহাতে প্ৰতিকিলো তিয়হ বৰপেটাৰোডৰ পাইকাৰী বজাৰলৈ নিয়াৰ বাবদ গাড়ী ভাড়াই ভৰিব লাগে ৬০ পইচা ৷ তাৰ উপৰিও বজাৰৰ খাজনা, আদিকে ধৰি অন্যান্য খৰচসমুহ বাদ দি তিয়হ বিক্ৰী কৰি খেতিয়কৰ জেপত নাথাকে ধন ৷ Body:ধাৰ ঋন লৈ তিয়হ খেতি কৰা খেতিয়কৰ এতিয়া সেয়ে মুৰে কপালে হাত দিবলগীয়া অৱস্থা ৷ প্ৰতিবিঘা মাটিত তিয়হৰ খেতি কৰাৰ বাবদ খেতিয়কৰ খৰচ হৈছিল ৪০ ৰপৰা ৫০ হাজাৰ টকা ৷ পিছে তিয়হ বিক্ৰী কৰি দহ হাজাৰ টকাও পোৱা নাই খেতিয়কে ৷ ফলত বৰপেটাৰ জনীয়াৰ জাহোৰপাম অঞ্চলৰ খেতিয়কে ৰাজ্য চৰকাৰৰ প্ৰতি জনাইছে আবেদন ৷ চৰকাৰে তিয়হ খেতিয়কসকলক সহায়ৰ হাত আগনবঢ়ালে এইসকল কৃষকে এতিয়া আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে খেতিয়কসকলে ৷
ইপিনে উচিত মূল্যৰ অভাৱত বজাৰ অথবা পথাৰতে খেতিয়কে তিয়হ পেলাই দিবলগীয়া হোৱাৰ পিচত খেতিয়কসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে কৃষি বিভাগ ৷ বৰপেটাৰ জিলা কৃষি বিষয়াই জনোৱামতে, পূৰ্বতে পাকিস্থান, নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ আদি দেশসমুহলৈ ৰপ্তানি হৈছিল বৰপেটাত উৎপাদিত তিয়হ ৷ কিন্তু এইবেলি বিদেশলৈ পঠাব পৰা নাই বৰপেটাৰ তিয়হ ‍ ফলত লোকচানৰ সন্মুখীন হোৱা তিয়হ খেতিয়কসকলক সাকাহ দিয়াৰ বাবে আগবাঢ়ি আহিছে কৃষি বিভাগ ৷ ইতিমধ্যে লোকচানৰ সন্মুখীন হোৱা খেতিয়কসকলক সাক্ষাৎ কৰি খেতিয়কসকলক ফাৰ্মাৰচ্ প্ৰডিউচাৰ কোম্পানী এটা গঠনৰ পৰামৰ্শ আগবঢ়াইছে ৷ এই কোম্পানীৰ জৰি়য়তে বাহিৰলৈ উৎপাদিত ফচল প্ৰেৰন কৰাত সহায়ক হোৱাৰ লগতে খেতিয়কেও লাভ কৰিব পাৰে উচিত মূল্য ৷ আনহাতে খেতিয়কৰ উৎপাদিত ফচল বজাৰলৈ নিয়াৰ ক্ষেত্ৰত কৃষি বিভাগে গাড়ীৰ সুবিধা প্ৰদান কৰাৰ কথাও জানিবলৈ দিয়ে ৷ ইয়াৰ জৰিয়তে বৰপেটাৰ কৃষকে উৎপাদন কৰা সকলো পাচলি, ফল মুল আদি উচিত মূল্যত বিক্ৰী কৰিব পাৰিব বুলিও বৰপেটা জিলা কৃষি বিষয়াই জানিবলৈ দিছে ৷

Conclusion:বাইটঃ দুজন তিয়হ খেতিয়ক ৷
বাইটঃ কৃষ্ণ কান্ত পাঠক, বৰপেটা জিলা কৃষি বিষয়া ৷

---- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.