ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে বৰপেটাত কৃষক সভাৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Jan 30, 2021, 3:46 PM IST

দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত বৰপেটাত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিলে জিলা কৃষক সভাই । যোৱা ২৬ জানুৱাৰীত দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ মাজতে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ক জগৰীয়া কৰিলে প্ৰতিবাদকাৰীসকলে । ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল বুলি অভিযোগ উত্থাপন কৰিলে বৰপেটা জিলা কৃষক সভাৰ নেতা-কৰ্মীয়ে ।

বৰপেটাত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিলে জিলা কৃষক সভাই

বৰপেটা, ৩০ জানুৱাৰী: নিখিল ভাৰত কৃষক সভাৰ আহ্বানমৰ্মে শনিবাৰে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই দেশৰ ভিন্ন প্ৰান্তৰ কৃষক সংগঠনে প্ৰতিবাদত নামিছে । এই কাৰ্যসূচীৰ অংশ হিচাপে ষি আইন বাতিলৰ দাবীত শনিবাৰে বৰপেটাত নিখিল ভাৰত কৃষক সভাৰ জিলা সমিতিয়ে অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক বিৰোধী আইনৰ বিৰুদ্ধে সকলো দেশবাসীক ঐক্যৱদ্ধ হোৱাৰ আহ্বান জনায় ৷ কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন নচলিব, কৃষক বিৰোধী ক'লা আইনৰ বিৰুদ্ধে সকলো মানুহ একগোট হওক আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ কৃষক আন্দোলনক মষিমুৰ কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ নেতৃত্বতে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰা হৈছিল বুলি অভিযোগ তুলিলে বৰপেটা জিলা কৃষক সভাৰ নেতৃত্বই ৷ আনহাতে, জাতিৰ পিতা মহাত্মা গান্ধীক ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ গুণ্ডাই গুলিয়াই হত্যা কৰিছিল বুলিও প্ৰতিবাদকাৰী কৃষক নেতাই মন্তব্য কৰে ৷ মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটোতে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক সভাৰ বৰপেটা জিলা সমিতিয়ে ।

লগতে পঢ়ক:বৰপেটাত পালন জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.