বৰপেটা, 1 জুন : পৰকীয়া প্ৰেমৰ (Extra marital affair) ভয়ংকৰ পৰিণতি ৷ স্বামী ঘৰত নথকাৰ সুযোগ লৈ প্ৰেমিকৰ লগত আভিসাৰত মত্ত থকাৰ সময়তে হাতে লোটে ধৰা পৰে মহিলা(Extra marital affair of a married woman) ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ জনিয়াৰ বালিকুৰী গাঁৱত ৷ ঘটনা অনুসৰি বালিকুৰী গাঁৱৰ দিগজানি গাঁৱৰ অবিবাহিত যুৱক হাবিজুৰ আৰু বিবাহিত মহিলা কহিনুৰ খাতুনৰ মাজত দুদিন ধৰি গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক ।
মঙলবাৰে নিশা প্ৰায় 12 বজাত মহিলাগৰাকীৰ ঘৰত স্বামী নথকাৰ সুযোগ লৈ প্ৰেমিক প্ৰেমিকাহালে অশ্লীল কৰ্মত লিপ্ত হয় ৷ দুয়ো অবৈধ কৰ্মত লিপ্ত হৈ থকা অৱস্থাতে গাঁৱৰে একাংশ যুৱকে দুয়োকে হাতে লোটে ধৰে ৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে এই ঘটনাক অপবাদ বুলি ঘটনাটো অস্বীকাৰ কৰে ৷ শহুৰেকৰ পৰিয়ালে চক্ৰান্ত কৰি মহিলাগৰাকীৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা বুলি মন্তব্য প্ৰকাশ কৰে ৷ মহিলাগৰাকীয়ে হাবিজুৰক চিনি নাপাওঁ বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷
ইফালে দুয়োজনে অবৈধ কৰ্মত লিপ্ত হোৱা বুলি প্ৰেমিক হাবিজুৰে নিজ মুখে স্বীকাৰ কৰে ৷ লগতে মহিলাগৰাকীয়ে চক্ৰান্ত কৰি হাবিজুৰক ফোনযোগে মাতি এই ঘটনা সংঘটিত কৰা অভিযোগ উত্থাপন কৰে যুৱকজনে ৷ অৱশ্যে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত বালিকুৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত সোধ-পোছ কৰে ৷ আৰক্ষীয়ে গাঁৱৰ ৰাইজৰ অভিযোগৰ ভিত্তিত পৰকীয়া প্ৰেমিক প্ৰেমিকাহালক আৰক্ষী চকীলৈ লৈ যায় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : স্বামী থাকে বাহিৰত; আনৰ সৈতে প্ৰেমত মচগুল পত্নী !