ETV Bharat / state

ইটিভি এক্সক্লুচিভ : বেঁকী নৈৰ বুকুত জাহ গ'ল ২৭৩ নং চতলা প্ৰাথমিক বিদ্যালয় - গৰাখহনীয়া

কলগাছিয়াৰ চতলাত বেঁকী নৈৰ গৰাখহনীয়াৰ এক্সক্লুছিভ দৃশ্য । চকুৰ সন্মুখতে বেঁকী নৈৰ বুকুত জাহ গ'ল ২৭৩ নং চতলা প্ৰাথমিক বিদ্যালয় । খহনীয়াত জাহ গ’ল ৪০ টাকৈ পৰিয়ালৰ ভেটি-মাটি । খবৰ নাই জনপ্ৰতিনিধি তথা প্ৰশাসনৰ । এই সন্দৰ্ভত চাওক ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

exclusive video of river bank erosion of beki river at kalgachia
বেঁকী নৈৰ বুকুত জাহ গ'ল ২৭৩ নং চতলা প্ৰাথমিক বিদ্যালয়
author img

By

Published : Nov 6, 2020, 12:48 PM IST

জনীয়া, 6 নবেম্বৰ : বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ সমষ্টিত ৰাইজৰ দুৰ্দশা ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁৱত বেঁকী নৈৰ ভয়ংকৰ খহনীয়া । বিগত তিনিমাহ ধৰি একেদৰেই অব্যাহত আছে বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । খহনীয়াত প্ৰায় ৪০ টাৰো অধিক পৰিয়ালৰ ঘৰ-ভেটি উছন হোৱাত ওচৰতে থকা গো-ভেটিত পশুধনৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে ৰাইজে ।

বেঁকী নৈৰ বুকুত জাহ গ'ল ২৭৩ নং চতলা প্ৰাথমিক বিদ্যালয়

আনহাতে গাঁওখনৰ ২৭৩ নং প্ৰাথমিক বিদ্যালয়খন এইদৰে চকুৰ সন্মুখতে নৈৰ বুকুত জাহ যোৱাৰ লগতে আন অৰ্ধ শতাধিক পৰিয়াললৈ ভাবুকিৰ সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ । ইফালে খহনীয়াগ্ৰস্ত লোকৰ মাজত বিশুদ্ধ খোৱাপানী, শৌচাগাৰ আদিৰ সংকটে দেখাদিছে যদিও কোনো এজন জনপ্ৰতিনিধি তথা প্ৰশাসনে ভুক্তভোগীৰ খবৰ ল’বলৈ আহৰি পোৱা নাই । স্মৰ্তব্য যে, খহনীয়াত জাহ যোৱা বিদ্যালয়খনত আছিল দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ক্ষতিগ্ৰস্থ লোকক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : জোনাইত যান-বাহন আইন উলংঘাকাৰীৰ পৰা সংগ্ৰহ জৰিমনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.