ETV Bharat / state

Mamatar Sithi : কবিতাৰ পৰা নিৰ্মিত ছবি মমতাৰ চিঠিৰ পৰিচালক নিৰ্মল দাসৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Aug 13, 2023, 2:33 PM IST

Updated : Aug 13, 2023, 4:06 PM IST

কবিতাৰ পৰা নিৰ্মিত হৈছে এখন বিশেষ ছবি ৷ ছবিখনৰ নাম ‘মমতাৰ চিঠি’ ৷ এই ছবিখন পৰিচালনা কৰিছে পৰিচালক নিৰ্মল দাসে ৷ এই ছবিখন নিৰ্মাণৰ আঁৰৰ কাহিনী জানি লওক পৰিচালক নিৰ্মল দাসৰ মুখেৰে ৷

Exclusive interview with director of the poem based film Mamatar Sithi
কবিতাৰ পৰা নিৰ্মিত হৈছে এখন বিশেষ ছবি
কবিতাৰ পৰা নিৰ্মিত হৈছে এখন বিশেষ ছবি

বৰপেটা ১৩ আগষ্ট: অসমীয়া ছবিজগতৰ এটা নতুন সৃষ্টি, এটা নতুন খবৰ । এটা কবিতাৰ বিষয়বস্তুৰ ওপৰত নিৰ্মাণ এখন বোলছবি । কবিতাৰ পৰা নিৰ্মীয়মান বোলছবিখন এতিয়া মুক্তিৰ পথত । অহা ২৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব কবিতাৰ পৰা নিৰ্মিত "মমতাৰ চিঠি" ছবিখন । অসমীয়া কাব্য সাহিত্যৰ এটা অতি জনপ্ৰিয় আৰু হৃদয়স্পৰ্শী কবিতা হেম বৰুৱাৰ "মমতাৰ চিঠি" কবিতাৰ আলমত নিৰ্মাণ কৰা হৈছে এই বোলছবিখন ।

এটা কবিতাৰ পৰা এখন ছবি নিৰ্মাণৰ কথা হয়তো অসমত ইয়াৰ পূৰ্বে কোনেও কল্পনাও কৰা নাছিল ৷ কিন্তু কোনেও কল্পনা নকৰা এই কাম কৰি দেখুৱালে অসমৰ জনপ্ৰিয় অভিনেতা পৰিচালক নিৰ্মল দাসে ৷ হয়, সৰুৰে পৰা কবিতাৰ প্ৰতি আকৃষ্ট হৈ কিবা এটা কৰাৰ পৰিকল্পনা পুহি ৰাখিছিল পৰিচালকগৰাকীয়ে । তাৰ পিচত কবিতাটিৰ ওপৰত প্ৰথমতে নাটক ৰচনা আৰু তাৰ পাচত আকৌ বোলছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা লয় ৷ সেই কবিতাটো হ’ল ‘মমতাৰ চিঠি’ ।

কবি হেম বৰুৱাৰ কালজয়ী কবিতা ‘মমতাৰ চিঠিৰ’ আধাৰত নিৰ্মল দাসৰ পৰিচালনাৰে একে নামেৰেই নিৰ্মিত হৈছে 'মমতাৰ চিঠি' ছবিখন ৷ লগতে এই ছবিখন প্ৰযোজনাত কৰিছে মুখাই । অহা ২৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব ছবিখন ৷ নিৰ্মল দাসৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত মমতাৰ চিঠিৰ মূল চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই ৷ লগতে ভাৰ্গৱ কটকী, চেতনা দাস আদিয়েও এই ছবিখনত অভিনয় কৰিছে ৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই । জুবিন গাৰ্গৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে এই ছবিখনত নিজৰ কণ্ঠ নিগৰাইছে ৷

উল্লেখ্য যে, ছবিখনৰ নায়িকাৰ চৰিত্ৰৰ বাবে লোৱা হৈছে এখন নতুন মুখ । পৰিচালকগৰাকীৰ মতে চিনাকি মুখৰ পৰিৱৰ্তে অচিনাকী মুখ এই কাৰণেই লৈছে যাতে যাতে ছবিখনত মমতাক কেৱল মমতা হিচাপেই দৰ্শকে গ্ৰহণ কৰক ৷ লগতে নিৰ্মল দাসে কয়, প্ৰতিষ্ঠিত পৰিচালক অভিনেতা আৰু বোলছবিৰ লগত জড়িত সকলো ব্যক্তিয়ে যদি নিজৰ ছবিৰ লগতে অইন ছবিবোৰো প্ৰচাৰ কৰে তেন্তে নিশ্চিতভাৱে অসমীয়া ছবি জগতলৈ সুদিন আহিব ।

এটা কবিতাৰ পৰা অসমীয়া বোলছবি জগতলৈ ৰূপান্তৰ কৰা এই যাত্ৰা সফল কৰিবলৈ অসমবাসীৰ পৰা মৰম চেনেহ আৰু আশীৰ্বাদ বিচাৰিছে ছবিখনৰ পৰিচালক আৰু কলা-কুশলীসকলে । ছবিখনৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা নিৰ্মল দাসৰ, চিত্ৰগ্ৰহণ আৰু কাৰিকৰী নিৰ্দেশক- প্ৰদীপ দৈমাৰী, সম্পাদনা, প্ৰতীম খাউণ্ড(ৰাজা), সম্পাদনা সহযোগী-উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য, গীতৰ কণ্ঠ- জুবিন গাৰ্গ, তৰালি শৰ্মা, ভাস্কৰ অপচ’ৱেল আৰু শৰ্মিষ্ঠা দাসৰ ।

আনহাতে, আৱহ সংগীত-তৰালি শৰ্মাৰ, কলা- নিৰ্জুৰাজ, প্ৰমোদৰূপ সজ্জা, বিশ্বজিত কলিতা, ক’ৰিঅ’গ্ৰাফী-পংকজ ইংতি, গ্ৰাফিকচ- ৰিতুপৰ্ণ, অভিনয়-গুঞ্জন ভৰদ্বাজ, গীতাঞ্জলী শইকীয়া, চেতনা দাস, ৰীণা বৰা, ভাৰ্গব কটকী, বিপ্লৱ বৰকাকতি আৰু পল্লৱ পৱন বৰা ইত্যাদি ৷

লগতে পঢ়ক: Sithire patot tumi song released: ভাস্কৰ অপচে’ৱেলৰ কণ্ঠত মুকলি ‘চিঠিৰে পাতত তুমি’, চাওক ভিডিঅ’

Last Updated : Aug 13, 2023, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.