বৰপেটা, ১ আগষ্ট: প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰ দৰ্শণ কৰি সনাতন ধৰ্মৰ ৰক্ষাৰ বাবে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনালে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱে ৷ মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলে আয়োজন কৰা অস্ত্ৰ প্ৰশিক্ষণ সম্পৰ্কত মন্তব্য কৰি শিলাদিত্য দেৱে কয় যে ৰাষ্ট্ৰীয় বজৰং দলে একো বেয়া কাম কৰা নাই ৷ তেওঁ কয় যে ইছলামধৰ্মী লোকসকলেও জিহাদ কৰে বা মাদ্ৰাছাত প্ৰশিক্ষণ দিয়ে ৷
প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে কয়,"মছজিদ, মাদ্ৰাছা সমূহতো AK47 ৰকেট লঞ্চাৰ জাতীয় অত্য়াধুনিক অস্ত্ৰ লুকুৱাই ৰাখে ৷ পূৰ্বে তেনে বহু অস্ত্ৰ ধৰাও পৰিছে ৷ তেওঁলোকে আত্মৰক্ষাৰ বাবে নহয়;আন ধৰ্মৰ লোকক আক্ৰমণৰ বাবে সেইবোৰ লুকুৱাই ৰাখে ৷" শিলাদিত্য দেৱে পুনৰ কয় যে বেলেগ ধৰ্মৰ লোকে যাতে জীয়াই নাথাকে, বেলেগ ধৰ্ম যেন নাথাকে তাৰবাবে তেওঁলোকৰ যুঁজ ৷ কিন্তু ৰাষ্ট্ৰীয় বজৰং দলে যদি শিবিৰৰ আয়োজন কৰি প্ৰশিক্ষণ দিছে সেইটো আত্মৰক্ষাৰ বাবেহে কৰিছে ৷ কোনোবা মুছলিমক আক্ৰমণ কৰিব বা পাকিস্তান,আফগানিস্তান বা আন মুছলমান ৰাষ্ট্ৰক আক্ৰমণ কৰিবলৈ যোৱাৰ উদ্দেশ্যৰে এয়া কৰা নাই ৷ কোনো মুছলিম সমাজক ধ্বংস কৰাৰ বাবে কৰা নাই ৷ তেওঁলোকে আত্মৰক্ষাৰ বাবে প্ৰশিক্ষন লৈছে আৰু প্ৰশিক্ষন দিবও লাগে ৷
এই প্ৰসংগত তেওঁ ইজৰাইলৰ উদাহৰণ দি কয়,"ইজৰাইলৰ দৰে প্ৰত্যেকজন সনাতনী ধৰ্মৰ লোকে, যিসকলে ভাবে যে সনাতন ধৰ্ম বাচিলেহে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতা থাকিব তেওঁলোকেহে প্ৰশিক্ষণ লয় ৷ ইয়াত AK-47,ৰকেট লঞ্চাৰ আদি অস্ত্ৰ আমি দেখা নাই ৷ অতি সাধাৰণ অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে ৷ যদি ফায়াৰিং ৰেঞ্জত কৰিছে তেন্তে কোনো আপত্তিয়ে নাই ৷"এই প্ৰশিক্ষণ বৰ ডাঙৰ অপৰাধ নহয় বুলি কয় শিলাদিত্য দেৱে ৷
তেওঁ লাভ জেহাদৰ প্ৰসংগও উত্থাপন কৰি তেওঁ কয়,"আমাৰ উৎসৱ-পাৰ্বন সমূহত নিৰাপত্তা বৃদ্ধি কৰিব লাগে ৷ আক্ৰমণ হ'ব পাৰে ৷ গুৰুজনাৰ সপোন ইছলামধৰ্মী লোকসকলেই ধ্বংস কৰিব বিচাৰিছে ৷ তেওঁলোকৰ পৰা সত্ৰ, খিলঞ্জীয়া মানুহক ৰক্ষা কৰিব বিচাৰিছো ৷ সেয়া আমাৰ অধিকাৰ ৷ সেই অধিকাৰ আমি সাব্যস্ত কৰিব লাগিব ৷ আমি জীয়াই থাকিব লাগিব ৷ ছেকুলাৰৰ নামত মেজ'ৰিটি মাইনৰিটি হৈ যাব নোৱাৰে ৷"
হিন্দু মাতৃৰ গৰ্ভৰ পৰা দুখন মুছলমান ৰাষ্ট্ৰৰ জন্ম হোৱা কোনেও বিচৰা নাছিল বুলি উল্লেখ কৰি কয়,"অস্ত্ৰৰ প্ৰশিক্ষণ লাগিবই ৷ তেওঁলোকে যদি লকেট লঞ্চাৰ, AK47ৰে মাৰিব পাৰে,আমি এয়াৰ গানৰ প্ৰশিক্ষণ ল'বই লাগিব ৷ "
হিন্দু সমাজ শান্তিপ্ৰিয় বুলি উল্লেখ কৰি তেওঁ কয়,"ভগৎ সিঙ আমাৰ ঘৰত জন্ম হ'ব লাগিব আৰু তাৰ বাবে অস্ত্ৰৰ প্ৰশিক্ষণ ল'ব লাগিব ৷ বেলগ ধৰ্মক মাৰিবৰ বাবে নহয়, নিজৰ ধৰ্মক ৰক্ষাৰ বাবে ৷ তাৰবাবে প্ৰত্যেক সনাতনী ওলাই আহিব লাগিব ৷" ইপিনে,শিলাদিত্য দেৱে নতুন দল গঠন কৰিব বুলি হৈ থকা প্ৰচাৰ সম্পৰ্কতো মন্তব্য় কৰি কয়," মোৰ দলৰ নাম হ'ব মোদীজী জিন্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ, বিজেপি জিন্দাবাদ ৷"
লগতে পঢ়ক:Bajrang Dal Arms Training: বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াসকলক NSAত গ্ৰেপ্তাৰৰ দাবী আছুৰ