বৰপেটা, 27 ছেপ্টেম্বৰঃ ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম জনপ্ৰিয় নাম তথা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ বৃহস্পতিবাৰে 64 বছৰ বয়সত দেহাৱসান ঘটে ৷ নেতাগৰাকীক বুধবাৰে মগজুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে গুৱাহাটীৰ নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বৃহস্পতিবাৰে দিনত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে ৷ নামনি অন্যতম জনপ্ৰিয় নেতাগৰাকীৰ নশ্বৰদেহ গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত কেইবাহাজাৰ গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰাৰ অন্তত কাকধোৱা ৰাজহুৱা কবৰস্থানত সৎকাৰ কৰা হয় ৷ দেহাৱসান ঘটা লিয়াকৎ আলী খানে চেঙা সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ এগৰাকী জনদৰদী নেতা হিচাপে সমগ্ৰ নামনি অসমতে বিশেষভাৱে জনপ্ৰিয় নেতাগৰাকীয়ে আমছুৰ প্ৰতিষ্ঠাৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷ লিয়াকৎ আলী খানৰ জানাজাত চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ,বিজেপি নেতা অনিল দাস,জিতু তালুকদাৰ আদিকে ধৰি জিলাখনৰ বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত থাকে ৷ ইপিনে চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদে লিয়াকৎ আলী খানৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে চেঙা সমষ্টিয়ে এগৰাকী অভিভাৱক হেৰুৱালে বুলি মন্তব্য কৰে ৷ বিজেপি নেতা তথা অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাসেও জানাজাত অংশ লৈ এগৰাকী সৎ আৰু স্পষ্টবাদী নেতা হেৰুওৱা বুলি শোক প্ৰকাশ কৰে ৷ প্ৰাক্তন বিধায়কজনৰ মৃত্যুৰ বতৰাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নাননি অসমৰ ৰাইজক ৷
চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন - চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খান অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম নেতা তথা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ দেহাৱসান ৷ নেতাগৰাকীৰ মৃত্যুৰ বতৰাই শোকস্তব্ধ কৰি তুলিছে নামনি অসমৰ ৰাইজক ৷
বৰপেটা, 27 ছেপ্টেম্বৰঃ ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম জনপ্ৰিয় নাম তথা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ বৃহস্পতিবাৰে 64 বছৰ বয়সত দেহাৱসান ঘটে ৷ নেতাগৰাকীক বুধবাৰে মগজুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে গুৱাহাটীৰ নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বৃহস্পতিবাৰে দিনত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে ৷ নামনি অন্যতম জনপ্ৰিয় নেতাগৰাকীৰ নশ্বৰদেহ গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত কেইবাহাজাৰ গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰাৰ অন্তত কাকধোৱা ৰাজহুৱা কবৰস্থানত সৎকাৰ কৰা হয় ৷ দেহাৱসান ঘটা লিয়াকৎ আলী খানে চেঙা সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ এগৰাকী জনদৰদী নেতা হিচাপে সমগ্ৰ নামনি অসমতে বিশেষভাৱে জনপ্ৰিয় নেতাগৰাকীয়ে আমছুৰ প্ৰতিষ্ঠাৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷ লিয়াকৎ আলী খানৰ জানাজাত চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ,বিজেপি নেতা অনিল দাস,জিতু তালুকদাৰ আদিকে ধৰি জিলাখনৰ বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত থাকে ৷ ইপিনে চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদে লিয়াকৎ আলী খানৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে চেঙা সমষ্টিয়ে এগৰাকী অভিভাৱক হেৰুৱালে বুলি মন্তব্য কৰে ৷ বিজেপি নেতা তথা অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাসেও জানাজাত অংশ লৈ এগৰাকী সৎ আৰু স্পষ্টবাদী নেতা হেৰুওৱা বুলি শোক প্ৰকাশ কৰে ৷ প্ৰাক্তন বিধায়কজনৰ মৃত্যুৰ বতৰাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নাননি অসমৰ ৰাইজক ৷
বৰপেটা, ২৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিৰ হোতা, জননেতা, চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ মৃত্যুৰ বতৰাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নাননি অসমৰ ৰাইজক ৷ বুধবাৰে মগজুৰ ৰক্তক্ষৰন হৈ নাৰায়না হস্পিটালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটা জনপ্ৰিয় ৰাজনীতিকগৰাকীৰ নশ্বৰদেহ আজি কাকধোৱা ৰাজহুৱা কবৰস্থানত সৎকাৰ কৰা হয় ৷ Body:ইয়াৰ পূৰ্বে গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত কেবাহাজাৰ লোকৰ উপস্থিতিত তেওৰ জানাজা সম্পন্ন কৰা হয় ৷ ৬৪ বছৰ বয়সত দেহাৱসান ঘটা লিয়াকৎ আলী খানে চেঙা সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ এগৰাকী জনদৰদী নেতা হিচাপে সমগ্ৰ নামনি অসমতে বিশেষভাৱে জনপ্ৰিয় নেতাগৰাকীয়ে আমছু প্ৰতিষ্ঠাৰ সৈতেও ওতপ্ৰোতভাৱে জৰিত আছিল ৷ লিয়াকৎ আলীখানৰ জানাজাত চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ, বিজেপি নেতা অনিল দাস, জিতু তালুকদাৰ আদিকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে জানাজাত অংশ লয় ৷
ইপিনে চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদে লিয়াকৎ আলী খানৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে চেঙা সমষ্টিয়ে এগৰাকী অভিভাৱক হেৰুৱালে বুলি মন্তব্য কৰে ৷ বিজেপি নেতা তথা অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাসেও জানাজাত অংশ লৈ এগৰাকী সৎ আৰু স্পষ্টবাদী নেতা হেৰুওৱা বুলি মন্তব্য কৰে ৷
বুধবাৰে দিনৰ দুই বজাত নাৰায়না হস্পিটালত চিকিৎসাধীন অৱস্থাতে মগজুৰ ৰক্তক্ষৰন হৈ দেহাৱসান ঘটা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকী বিগত কিছুদিন ধৰি আজমলৰ বিৰুদ্ধে ৰুজু কৰা এক গোচৰক লৈ কিছু মানসিক টেনচনত ভূগি থকাৰ কথা প্ৰকাশ কৰিছে একাংশ সতীৰ্থই ৷ ২০১৬ চনৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ প্ৰৱঞ্চনাৰ বলি হবলগীয়া হৈছিল লিয়াকৎ আলী খান ৷ মনোনয়ন পত্ৰ জমা দিয়াৰ পিচতো শেষ মুহুৰ্তত প্ৰৱঞ্চনা কৰি এআইইউডিএফৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰিছিল লিয়াকৎ আলী খানক ৷ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰুজু কৰা মানহানিৰ গোচৰৰ বুধবাৰে ৰায়দান হোৱাৰ কথা আছিল ৷ কেইজনমান সতীৰ্থৰ সৈতে বুধবাৰে আদালতত হাজিৰ হোৱাৰ কথা আছিল যদিও পুৱাই মগজুৰ ৰক্তক্ষৰন হৈ অসুস্থ হৈ পৰিছিল ৷ আৰু শেষ মুহুৰ্তত আজমলৰ বিপক্ষে দিয়া আদালতৰ ৰায়ৰ কথা নজনাকৈয়ে বিদায় লবলগীয়া হল জনপ্ৰিয় ৰাজনীতিক গৰাকী ৷ ইয়াকে লৈ তেওৰ অনুগামীসকলো শেকদগ্ধ হৈ পৰিছে ৷
Conclusion:বাইটঃ শুকুৰ আলী আহমেদ ৷
বাইটঃ অনিল দাস ৷
বাইটঃ চোলেমান খান, সহযোগী ৷ --- বাপকন দাস, বৰপেটা