ETV Bharat / state

প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ - প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ

প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুন বৰাৰ পাছত এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে(EX MLA Abdur Rahim Khan quits Congress) ৷ কংগ্ৰেছ নেতৃত্বৰ খোৱা-কামোৰা, দ্বন্দ, অন্তঃকলহত অতিষ্ঠ হৈয়েই পদত্যাগ কৰাৰ কথা উল্লেখ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

Former MLA and Barpeta district Congress president Abdur Rahim Khan quits Congress
প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ
author img

By

Published : May 6, 2022, 8:00 AM IST

Updated : May 6, 2022, 8:33 AM IST

বৰপেটা, 6 মে’ : বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানে বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰে(Barpeta district Congress president Abdur Rahim Khan quits Congress) ৷ কংগ্ৰেছ নেতৃত্বৰ খোৱা-কামোৰা, দ্বন্দ, অন্তঃকলহত অতিষ্ঠ হৈয়েই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰে আব্দুৰ ৰহিম খানে(Congress leader Abdur Rahim Khan resigns) ৷ বৃহস্পতিবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান

বৰপেটাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাইজ এতিয়া কংগ্ৰেছৰ সৈতে নাই বুলি মন্তব্য কৰে ৷ তেওঁ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদৰ প্ৰতিও বিষোদগাৰ প্ৰকাশ কৰে ৷ ইয়াৰ লগতে আব্দুল খালেক, আব্দুৰ ৰহিম আহমেদ আৰু জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

EX MLA and Barpeta district Congress president Abdur Rahim Khan quits Congress
প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান

তেওঁ আনকি কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, প্ৰভাকৰ সাথেৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৷ তেওঁ কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, প্ৰভাকৰ সাথেয়ে অসমলৈ লুটৰাজ চলাবলৈ অহা বুলিও অভিযোগ ৷ ইয়াৰ লগতে সততাৰে দল কৰি থকাসকল কংগ্ৰেছত বঞ্চিত হৈ আহিছে বুলিও উল্লেখ কৰে আব্দুল ৰহিম খানে ৷

প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান

প্ৰাক্তন বিধায়গৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি কোন দলত যোগদান কৰিব সেই কথা স্পষ্টকৈ নকলেও তেওঁ যে, এ আই ইউ ডি এফত যোগদানৰ সম্ভাৱনাই প্ৰৱল ৷ বিশেষকৈ ২০১১ চনত এ আই ইউ ডি এফৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা ৰহিম খান পুনৰ পুৰণি ঘৰলৈ উভতি যোৱাৰ সম্ভাৱনা প্ৰৱল ৷

লগতে পঢ়ক : জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক

Last Updated : May 6, 2022, 8:33 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.