ETV Bharat / state

বৰপেটাৰোডত মৰা মানাহ বেদখলমুক্ত কৰিছে প্ৰশাসনে

author img

By

Published : May 6, 2021, 10:03 AM IST

প্ৰশাসনৰ নিৰ্দেশমৰ্মে বুধবাৰে মৰা মানাহ বেদখলমুক্ত কৰিবলৈ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম খনিকৰ উপস্থিত হয় মৰা মানাহত ৷ জেচিবিৰে মৰা মানাহ বেদখলমুক্ত কৰি 12 ফুট পথালিকৈ এক বিশাল নলা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা বুলি সদৰি কৰে চক্ৰ বিষয়াগৰাকীয়ে ৷

eviction-free-of-mora-manas
মৰা মানাহ বেদখলমুক্ত

বৰপেটাৰোড, 6 মে’: বৰপেটাৰোডৰ মাজমজিয়াত অৱস্থিত মৰা মানাহ বেদখলমুক্ত কৰাৰ বাবে বুধবাৰে বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম খনিকৰ উপস্থিত হয় ৷ বৃহৎ আৰক্ষী আৰু চিআৰপিএফৰ দলৰ সৈতে জেচিবিৰে মৰা মানাহ বেদখলমুক্ত কৰি 12 ফুট পথালিকৈ এক বিশাল নলা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে ৷ এই কথা উল্লেখ কৰে বৰনগৰৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৷

মৰা মানাহ বেদখলমুক্ত

নলা নিৰ্মাণ কৰিলেহে চহৰখনক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিব পৰা যাব বুলি চক্ৰ বিষয়া পাৰ্থ প্ৰতিম খনিকৰে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, বৰপেটাৰোড চহৰৰ সকলো নলা-নৰ্দমাৰ পানী বা বাৰিষাৰ বৰষুণৰ পানী মৰা মানাহত পৰে আৰু মৰা মানাহৰ পানী গৈ পথাৰত পৰে ৷

কিন্তু বিগত কেইবা বছৰ ধৰি মৰা মানাহৰ অধিকাংশ বৰপেটাৰোডৰ একাংশ প্ৰভাৱশালী লোকে বেদখল কৰি ঘৰ-বাৰী, উদ্যোগ আদি নিৰ্মাণ কৰে ৷ যাৰ ফলস্বৰূপে মৰা মানাহটো একেবাৰে পুতি যোৱাৰ লেখীয়া হৈছে ৷

সেয়েহে বাৰিষাৰ সময়চোৱাত দুই এজাক বৰষুণ দিলেই চহৰখন কৃত্ৰিম বানে ডুবাই পেলায় । লগতে যমৰ যাতনা ভুগিবলগীয়া হয় বৰপেটাৰোডবাসী আৰু বৰপেটাৰোডলৈ যোৱা দূৰ-দূৰণিৰ লোকসকলে ৷

লগতে পঢ়ক : পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.