বৰপেটা,20 অক্টোবৰ: বৰপেটাৰ সত্ৰীয়া সংস্কৃতি আৰু ঐতিহ্যক সমৃদ্ধ কৰা বহৰি সত্ৰৰ প্ৰতি লুইতে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷ সপ্তম শতিকাৰ ইতিহাস বহনকাৰী মহাপুৰুষ হৰিদেৱে স্থাপন কৰা বহৰি সত্ৰৰ সমীপত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা তীব্ৰ খহনীয়াৰ ফলত সত্ৰখনৰ 1,200 পৰিয়ালৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ৷ বৃহত্তৰ বহৰি অঞ্চলত অব্যাহত থকা খহনীয়াত এতিয়ালৈকে 76 খনকৈ গাঁও চিৰদিনলৈ জাহ গৈছে ব্ৰহ্মপুত্ৰত ৷
ইয়াৰ পিছতো কিন্তু সত্ৰখন ৰক্ষাৰ বাবে কি কংগ্ৰেছ, কি অগপ নাইবা জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দিয়া বিজেপি চৰকাৰ, কোনোৱে গ্ৰহণ নকৰিলে উচিত ব্যৱস্থা ৷ এই খহনীয়াৰ ফলতে সত্ৰখনৰ 567 বছৰে জ্বলি থকা অক্ষয় বন্তি গছি নিৰ্বাপিত হৈ পৰাৰ আশংকাত ভূগিছে সত্ৰবাসী ৷
শেহতীয়াভাৱে বহৰিত উপস্থিত হৈ বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী, ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজিৎ দাসসহ জলসম্পদ বিভাগৰ এটা দল উপস্থিত হৈ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয় ৷ উপায়ুক্তগৰাকীয়ে সত্ৰখন ৰক্ষাৰ বাবে তাৎক্ষণিক পদক্ষেপ হিচাপে জল সম্পদ বিভাগৰ মেৰামতি আঁচনিৰ অধীনত 43 লাখ টকাৰ এখন হ্ৰস্ব ম্যাদী আঁচনি প্ৰস্তুত কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে ৷ তাৰোপৰি অঞ্চলটোক সম্পূৰ্ণ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত 4.88 কোটি টকাৰ এখন দীৰ্ঘ ম্যাদী আঁচনিয়ো চৰকাৰলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷
আনহাতে, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰীয়ে খহনীয়া সমস্যাৰ বুজ লৈ অঞ্চলটো ৰক্ষাৰ বাবে আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে জিলাখনৰ চেনীমাৰীৰ পৰা বাঘবৰলৈ 33 কিল’মিটাৰ পথ পাৰ্কুপাইন আৰু জিঅ’ বেগ স্থাপনৰ বাবদ 398 কোটি টকাৰ এক বৃহৎ আঁচনি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ দীৰ্ঘদিন ধৰি বহৰি অঞ্চলত চলি থকা খহনীয়াৰ পৰা সত্ৰখন ৰক্ষাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতি বহৰি সত্ৰবাসীয়ে আশাৰে বাট চাই আছে ৷ সত্ৰবাসীৰ এটাই আশা 567 বছৰীয়া সত্ৰখন ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব ৷
লগতে চাওকঃ বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্মৰ ৰাজনীতি কৰাৰ অভিযোগ বিধায়ক কমলাক্ষৰ