কলগাছিয়া, 14 জুন : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত নিশাৰ ভাগত বেকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া । চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত বেঁকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি বিগত ১০ দিনত ২০ টাকৈ পৰিয়ালৰ ভেটি মাটি উছন কৰে ৷ আন কেইবাটাও পৰিয়াললৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ । নিজৰ ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৰাইজে ।
ভয়ংকৰ গৰাখহনীয়া এতিয়া জাহ যোৱাৰ পথত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ । বেঁকী নদীয়ে ভেটি-মাটি খহাই নিয়াত ঘৰ-দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়গ্ৰস্ত ৰাইজে । উল্লেখ্য যে নিৰ্বাচন আহিলে ভোটাৰ ৰাইজৰ আদৰ বাঢ়ে, কিন্তু নিৰ্বাচনত জিকাৰ পিছত প্ৰতিনিধিয়ে ৰাইজৰ দুখ-দূৰ্দশাৰ কথা পাহৰি যায় বুলি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ।
গৰাখহনীয়াৰ ফলত খহনীয়াগ্ৰস্ত ৰাইজে নিজৰ আপোন ঘৰ-মাটি হেৰুৱাই পথত দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে । ভুক্তভোগী ৰাইজে জানিবলৈ দিয়া মতে কেইমাহমান পূৰ্বে চৰকাৰে আৱণ্টন দিয়া বিশ্ব বেংকৰ অধীনত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ যি কাম আৰম্ভ কৰা হৈছিল তাৰ মাজত কাউৰঝাহি, বলাইপাথাৰ, খাৰবাল্লী আৰু সুতিৰপাথাৰত কোনো ধৰণৰ কাম হোৱা নাই ।
গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় সাংসদ আব্দুল খালেক আৰু জনিয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰাইজে । সম্প্ৰতি এই খহনীয়াৰ বাবে চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । সেয়ে অতি সোনকালে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ, বৰপেটা জিলা প্ৰশাসনৰ ওচৰত দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক এককালীন ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।
লগতে পঢ়ক : Assam Erosion news: গৰাখহনীয়া ৰোধৰ চেষ্টা ব্যৰ্থ চৰকাৰৰ, এসপ্তাহত জাহ গ’ল বাৰটাকৈ পৰিয়ালৰ ঘৰ-ভেঁটি