ETV Bharat / state

বৰপেটা কংগ্ৰেছৰ অব্যাহত খহনীয়া: ১৩ গৰাকী জ্যেষ্ঠ নেতাৰ সমূহীয়া পদত্যাগ

author img

By

Published : May 29, 2022, 10:35 AM IST

বৰপেটা জিলা কংগ্ৰেছৰ নতুন সভাপতি পদত জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছী নেতাক বঞ্চিত কৰি কনিষ্ঠ যুৱকক দায়িত্ব প্ৰদান কৰাত ক্ষোভিত বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকল ৷ যাৰবাবে জিলাখনত কংগ্ৰেছৰ বিভিন্ন পদৰ পৰা সমূহীয়াভাৱে পদত্যাগৰ কৰে 13 গৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাই (13 senior Congress leaders resign from Barpeta Congress) ৷

senior-congress-leaders-resign-in-barpeta
বৰপেটাত কংগ্ৰেছৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ সমূহীয়া পদত্যাগ

বৰপেটাৰোড, 29 মে' : জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছী নেতাক বঞ্চিত কৰি কনিষ্ঠ যুৱকক বৰপেটা জিলা কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়াত তীব্ৰ অসন্তুষ্টি তথা ক্ষোভ প্ৰকাশ কৰিছে বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে(13 senior Congress leaders resign from Barpeta Congress) ৷ বৰপেটাৰোড প্ৰেছ ক্লাৱত শনিবাৰে এক সংবাদমেল আয়োজন কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাকেইগৰাকীয়ে এই কথা জানিবলৈ দিয়ে ৷

তেওঁলোকে সংবাদমেলত বৰপেটা জিলা কংগ্ৰেছৰ কামকাজ সুচাৰুৰূপে পৰিচালনা হৈ থকাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি সলনি কৰাৰ বাবে উঠি-পৰি লগাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁলোকে লগতে কয় যে, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানক সলনি নকৰিলেও কাৰো আপত্তি নাছিল ৷ তথাপিতো যদি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিক সলনি কৰা হয় তেন্তে জিলাখনৰ এজন জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছী নেতাক সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক অনুৰোধ জনাইছিল জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে ৷

কিন্তু বৰপেটাৰ জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছী নেতাক উপেক্ষা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ সৈতে কমবয়সীয়া তথা অনভিজ্ঞ যুৱক ৰফিকুল হক ওৰফে ৰাজীৱ হকৰ লগত ব্যক্তিগত সম্পৰ্ক আৰু স্বজনপ্ৰীতি থকাৰ বাবেই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পদত বহুৱাইছে বুলিও সংবাদমেলত উল্লেখ কৰে পদত্যাগী নেতাসকলে ৷

বিগত 2011 চনৰ নিৰ্বাচনত সৰভোগৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুছ ছামাদ আহমেদৰ বিৰুদ্ধে সেইসময়ত বি পি এফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰফিকুল হক ওৰফে ৰাজীৱ হকে ৷ আনহাতে, 2016 চনৰ নিৰ্বাচনত সৰভোগৰ কংগ্ৰেছ প্ৰাৰ্থী অনুৰূপা হান্নানৰ বিৰুদ্ধে চি পি আই এম দলৰ হৈ প্ৰাৰ্থীক সহায় কৰিছিল ৷ বিগত সাধাৰণ নিৰ্বাচনতো সৰভোগৰ মহাজোঁটৰ প্ৰাৰ্থী চি পি আই এমৰ মনোৰঞ্জন তানুকদাৰৰ বিৰুদ্ধে অৱস্থান কৰি BJPক সহায় কৰা ৰফিকুল হক ওৰফে ৰাজীৱ হকক বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি দিয়ে ৷

ইয়াতে দলটোৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ বৰপেটা জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাকেইগৰাকীয়ে তেওঁলোকৰ নিজ নিজ পদবীৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৷ কংগ্ৰেছৰ বিভিন্ন পদৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰা জিলাৰ শীৰ্ষ কংগ্ৰেছী নেতাসকল ক্ৰমে আব্দুছ ছামাদ আহমেদ, হাচান শ্বহীদ,ছৰোৱাৰ উদ্দিন, জহুৰ উদ্দিন আহমেদ,মিজানুৰ ৰহমান, হৰিপদ মণ্ডল, আব্দুল জুব্বাৰ খান, ৰুস্তম আলী, শৈলেন্দ্ৰনাথ পাঠক, ত্ৰৈলোক্য পাঠক, গুণজিৎ শৰ্মা,আমিৰুল ইছলাম খান, মণিৰুজ্জামান ৷

আনহাতে, ৰফিকুল হক ওৰফে ৰাজীৱ হকক বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰাই জিলাখনৰ যিকোনো এজন জ্যেষ্ঠ তথা অভিজ্ঞতা সম্পন্ন নেতাক বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ দাবী জনাই চলিত মাহৰ ১৭ তাৰিখে উক্ত পদৰ পৰা পদত্যাগ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে ৷

লগতে পঢ়ক : চৰকাৰে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.