জনীয়া, 26 জুলাই : নেৰানেপেৰা বৰষুণৰ বাবে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীকে (Bramhaputra River) ধৰি সকলো নৈ-উপনৈৰ জলপৃষ্ঠ ৷ সমান্তৰালকৈ বেকী নৈ (Beki River)ৰ বুকুতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে পানীৰ পৰিমাণ ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত বেকী নদীৰ খহনীয়াই (Erosion) ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে ৷ সপ্তাহটোৰ ভিতৰতে প্ৰায় দহটাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ গৈছে ৷
খহনীয়াৰ কবলত উচন হ'ল শতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে শস্য-শ্যামলা খেতিপথাৰ । খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত অনিদ্ৰা-অনাহাৰে মুকলি পথাৰতে নিশা কটাইছে খহনীয়াগ্ৰস্ত ৰাইজে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰিত গাঁৱখন বেকী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰি প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত । বিগত ছমাহ ধৰি গাঁৱখনৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ লগতে শ শ বিঘা কৃষিভূমি ধ্বংস কৰিছে নৈৰ খহনীয়াই ৷
ইফালে বেকী নদীৰ বিধ্বংসী খহনীয়াত দুই সপ্তাহৰ ভিতৰতে নৈৰ বুকুত জাহ গ'ল পোন্ধৰটাকৈ পৰিয়াল ঘৰ- মাটি-ভেটি ৷ অবৈধভাৱে নৈখনত মাটি খনন কৰাৰ বাবেই নৈখনৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বেকী নৈয়ে ৷ ফলত চপৰা-চপৰে গৰা খহি উচন হৈছে বহুলোকৰ ঘৰ-দুৱাৰৰ লগতে কৃষিভূমি ৷
লগতে পঢ়ক- নাই দলং : টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত
আমগুৰি গাঁৱত বেকীত প্ৰায় ১৫ টা পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে কল খেতি, গছ- গছনিকে ধৰি খহনীয়াৰ কবলত পৰিছে ৷ ইয়াৰ পৰা বাচি যোৱা নাই বিদ্যুতৰ খুঁটাও ৷ ফলত খহনীয়াৰ কবলত পৰি একাংশ লোকে নিজৰ ঘৰবোৰ এইদৰে নিৰাপদ স্থানলৈ কঢ়িয়াইছে, যদিও তেওঁলোকে এতিয়া মুকলি আকাশৰ তলতে দুৰ্বিসহ জীৱন-যাপন কৰিবলগা হৈছে ৷
উল্লেখযোগ্য যে, বেকী নদীৰ সুঁতিত একাংশ লোকে অবৈধভাৱে মাটি খনন কৰাৰ বাবেই খহনীয়াৰ তাণ্ডৱ বৃদ্ধি পোৱা বুলি অভিযোগ কৰিছে নৈপৰীয়া ৰাইজে ৷ শীঘ্ৰে খহনীয়া প্ৰতিৰোধ নকৰিলে প্ৰায় 50 টা পৰিয়ালৰ লগতে গড়কাপ্তানী পথটো খহনীয়াৰ কবলত পৰিব বুলি আশংকা কৰিছে ৰাইজে ৷ শীঘ্ৰে চৰকাৰক এই খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে ৷
লগতে পঢ়ক- কলগাছিয়াত ভয়ংকৰ খহনীয়াত উচন শতাধিক পৰিয়াল