ETV Bharat / state

বান পানীয়ে জুৰুলা কৰিছে বৰপেটাৰ বহু খেতিয়কক - ইৰিধান পথাৰতে নষ্ট

বৰপেটাৰ বাঘবৰ,জনীয়াত কৃষকৰ মাজত হাহাকাৰ । হাজাৰ হাজাৰ বিঘা ইৰিধান খেতি বানৰ কবলত । আধা পকা ইৰি ধানৰ খেতি কাটিবলৈ বাধ্য হৈছে কৃষক ৷

বান পানীয়ে জুৰুলা কৰিছে বৰপেটাৰ বহু খেতিয়কক

author img

By

Published : Jun 8, 2020, 4:43 PM IST

বৰপেটা, 8 জুনঃ বৰপেটাত হাজাৰ হাজাৰ বিঘা ভূমিৰ খেতি বুৰাই পেলাইছে ব্ৰহ্মপুত্ৰ,বেকী আৰু ভেলঙী নৈৰ পানীয়ে। বাঘবৰৰ ভাতকুছি,মন্দিয়া,সত্ৰকনৰা গোবিন্দপুৰ-চিতলী আদি অঞ্চলৰ পকিবলৈ ধৰা ইৰিধানৰ খেতি পানীয়ে বুঢ়াই পেলোৱাত হতাশাত ভাগি পৰিছে খেতিয়কসকল ।

কেইদিন মান পাৰ হ'লেই ইৰিধান কাটিব পৰা গ'লহেতেন যদিও বহু কৃষকে এতিয়া বানত ডুব যোৱা আধা পকা ধানসমুহ কাটিবলৈ বাধ্য হৈছে অঞ্চলকেইটাত ৷

বান পানীয়ে জুৰুলা কৰিছে বৰপেটাৰ বহু খেতিয়কক

লক ডাউনৰ কবলত পৰি ক্ষতিৰ সন্মুখীন হোৱা কৃষকে ধাৰ ঋণ লৈ ইৰি ধানৰ খেতি কৰিছিল যদিও এতিয়া বানৰ কবলত পৰি পথাৰৰ ইৰিধান পথাৰতে নষ্ট হোৱাত মূৰে-কপালে হাত দিব লগীয়া হৈছে কৃষকসকল । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক কৃষকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ কৃষকসকলে অনুৰোধ জনাইছে ।

লগতে পঢ়কঃ পেটিএম য়ে শীঘ্ৰে মুকলি কৰিব পোষ্টপেইড ক্ৰেডিট কাৰ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.