বৰপেটা, 11 মে' : দেওঁবাৰে নিশা বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থৰ প্ৰণেতা তথা বিশিষ্ট সাহিত্যিক-সাংবাদিক, বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ প্ৰায় 8 বাজি 30 মিনিটত দেহাৱসান ঘটে ৷ সোমবাৰে সাহিত্যিক গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ৷
সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সাহিত্যিক গৰাকীৰ বাসগৃহত উপস্থিত হৈ তেখেতক গভীৰভাবে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ তেখেতৰ মৃত্যুত অসমে এগৰাকী অভিভাৱক হেৰুওৱা বুলি উপদেষ্টা গৰাকীয়ে উল্লেখ কৰে ৷
ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জনোৱা অনুসৰি, গোকুল পাঠকে অসম আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ উপৰিও অসম আন্দোলৰ পিছত অসমত উদ্ভৱ হোৱা যিকোনো সমস্যা প্ৰতিহত কৰিবলৈ নেতৃত্ব দি আহিছিল বুলি তেখেতে উল্লখ কৰে ৷
লগতে উপদেষ্টা গৰাকীয়ে তেখেতৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে মহীৰূহ গোকুল পাঠকৰ কৃতীৰাজিক ৰাষ্টীয় পৰ্যায়লৈ নিবলৈ চৰকাৰক দাবী জনায় ৷
লগতে পঢ়ক : বিশ্বনাথৰ পৰা উত্তৰপ্ৰদেশলৈ খোজকাঢ়ি যাত্ৰা ৭ প্ৰৱাসী শ্ৰমিকৰ