ETV Bharat / state

ব্যতিক্ৰমী সংযোজনেৰে মানাহত আৰম্ভ হ'ল হস্তী প্ৰদৰ্শনী - মানাহত হস্তী প্ৰদৰ্শনী মুকলি

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে এক নতুন তথা ব্যতিক্ৰমী সংযোজন ঘটাই আৰম্ভ কৰা হ'ল হস্তী প্ৰদৰ্শনী ৷ অসমত পোন প্ৰথমবাৰৰ বাবে মানাহত আৰম্ভ কৰা হৈছে এই ব্যতিক্ৰমী অনুষ্ঠান ৷ হস্তী প্ৰদৰ্শনী বা Elephant Show ৰ জৰিয়তে পৰ্যটকে উপভোগ কৰিব পাৰিব গা ধুওৱা, খাদ্য খুওৱা, নখ কাটি দিয়া আদিৰ দৰে পোহনীয়া হাতীক কৰা পৰিচৰ্যা ৷

elephant show inaugurated in manah national park
ব্যতিক্ৰমী সংযোজনেৰে মানাহত আৰম্ভ হ'ল হস্তী প্ৰদৰ্শনী
author img

By

Published : Dec 14, 2020, 1:08 PM IST

বৰপেটাৰোড, 14 ডিচেম্বৰ: পৰ্যটকৰ বাবে সুখবৰ কঢ়িয়াই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত উদ্যান কৰ্তৃপক্ষই দেওবাৰে Elephant Show অৰ্থাৎ হস্তী প্ৰদৰ্শনী মুকলি কৰে ৷ অসমত পোন প্ৰথমবাৰৰ বাবে এক ব্যতিক্ৰমী তথা নতুন সংযোজন ঘটাই দেওবাৰে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মাউত কেম্পত বন আৰু পৰিৱেশ বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনে আনুষ্ঠানিকভাৱে এই হস্তী প্ৰদৰ্শনীৰ মুকলি কৰে ৷

প্ৰতিদিনে নিৰ্দিষ্ট সময়ত পৰ্যটকে উপভোগ কৰিব পাৰিব হস্তী প্ৰদৰ্শনী

এই হস্তী প্ৰদৰ্শনীৰ জৰিয়তে পৰ্যটকে মানাহত পোহনীয়া হাতীক গা ধুওৱা, খাদ্য খুওৱা, নখ কাটি দিয়া ইত্যাদি বিভিন্ন কাৰ্য উপভোগ কৰিব পাৰিব ৷ ইয়াৰ উপৰিও হাতীৰ লগত জড়িত হাওদা, দুংচি, অংকুশ আদি বিভিন্ন সামগ্ৰীৰ সৈতে পৰ্যটক হ'ল চিনাকি হ'ব পাৰিব ৷ এই Elephant Show অৰ্থাৎ হস্তী প্ৰদৰ্শনীৰ জৰিয়তে প্ৰতিদিনে এক নিৰ্ধাৰিত সময়ত মানাহৰ বন বিভাগৰ 45 টা পোহনীয়া হাতীক মাউতে কৰা নৈমিত্তিক পৰিচৰ্যাৰ দৃশ্য প্ৰদৰ্শনেৰে পৰ্যটকক আমোদ দিয়া হ'ব ৷

elephant show in manah national park
মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মাউত কেম্পত আনুষ্ঠানিকভাৱে হস্তী প্ৰদৰ্শনী মুকলি কৰা হয়

উল্লেখ্য যে, থাইলেণ্ডৰ উপৰি ভাৰতত একমাত্ৰ তামিলনাডুৰ মুডুমালাই ৰাষ্ট্ৰীয় উদ্যানতহে এই Elephant Show ৰ ব্যৱস্থা আছে ৷ অসমত মানাহতেই পোন প্ৰথমবাৰৰ বাবে এই প্ৰদৰ্শনী মুকলি কৰা বুলি মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে ৷ এই প্ৰদৰ্শনীৰ জৰিয়তে পৰ্যটকে এক সুকীয়া আমোদ ল'ব পাৰিব বুলি ক্ষেত্ৰ সঞ্চালক শৰ্মাৰ লগতে বন আৰু পৰিৱেশ বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনে উল্লেখ কৰে ৷

elephant show in manah national park
প্ৰদৰ্শনীৰ জৰিয়তে পৰ্যটকে পোহনীয়া হাতীক মাউতে কৰা নৈমিত্তিক পৰিচৰ্যাৰ দৃশ্য উপভোগ কৰিব পাৰিব

জানিব পৰা মতে, বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশ দ্বাৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত থকা মাউত কেম্পৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত পৰ্যটকে অতি কম খৰচতে এই হস্তী বিনোদন উপভোগ কৰিব পাৰিব ৷ দেওবাৰে এই হস্তী প্ৰদৰ্শনী মুকলি কৰাৰ সময়ত মানাহৰ বন বিভাগৰ বিষয়াসকলৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যান অসম,ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যান ভূটানলৈ ‘TX2 Conservation Excellence’ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.