ETV Bharat / state

Electricity Amendment Bill 2022: বৰপেটাত বিদ্যুৎ কৰ্মচাৰীৰ দিনজোৰা কৰ্মবিৰতি

বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো দিনজোৰা কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে বিভাগৰ কৰ্মচাৰীসকলে (Electricity Amendment Bill 2022) ৷ বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ গ্ৰহণৰ ফলত হ'বলগীয়া সমস্যাসমূহৰ বিষয়ে বিতংভাৱে ব্যক্ত কৰে বিদ্যুৎ কৰ্মচাৰীসকলে ৷

author img

By

Published : Aug 8, 2022, 7:22 PM IST

electricity-workers-protest-demanding-repeal-of-electricity-amendment-bill-2022
বৰপেটাত বিদ্যুৎ কৰ্মচাৰীৰ দিনজোৰা কৰ্মবিৰতি

বৰপেটা ৮ আগষ্ট : বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ৰ জৰিয়তে বিদ্যুৎ বিভাগক ব্যক্তিগতকৰণ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সমগ্ৰ দেশৰ বিদ্যুৎ বিভাগৰ বিষষা-কৰ্মচাৰীসকল(Electricity workers protest)৷ সমান্তৰালকৈ বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত বৰপেটাতো বিদ্যুৎ কৰ্মচাৰীসকলে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে(Electricity Amendment Bill 2022)৷

বৰপেটাৰ বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডলত কৰ্মৰত অভিযন্তা আৰু বিষয়া-কৰ্মচাৰীসকলে সোমবাৰে পালন কৰে দিনজোৰা কৰ্মবিৰতি ৷ ব্যক্তিগতকৰণৰ ফলত বিদ্যুৎ গ্ৰাহকসকলৰ বিলৰ ধন বৃদ্ধিৰ লগতে আন আন ক্ষেত্ৰতো ভীষণ ক্ষতিৰ সন্মুখীন হ'ব লাগিব বুলিও অভিযোগ বিদ্যুৎ কৰ্মচাৰীসকলৰ ৷ বিদ্যুৎ ব্যক্তিগতকৰণৰ ফলত বৃহৎ উদ্যোগীসকলক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে কৃষি ক্ষেত্ৰই হওক বা আন ক্ষেত্ৰসমূহে বিদ্যুতৰ পৰা বঞ্চিত হ'বলগা আশংকাও ব্যক্ত কৰে বিদ্যুৎ কৰ্মচাৰীসকলে ৷

সৰ্বসাধাৰণ বিদ্যুৎ গ্ৰাহকক মাধমাৰ শোধোৱা বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিল নকৰা পৰ্যন্ত বিদ্যুৎ কৰ্মচাৰীসকলে এনেদৰে আন্দোলন অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰদান কৰে বিদ্যুৎ কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক : APDCL Workers Press Conference: বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীকৰণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.