ETV Bharat / state

বাক্সাত জ্বলিল বিপিএফৰ দলীয় পতাকা

author img

By

Published : Nov 8, 2020, 2:33 PM IST

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বাক্সাত নিৰ্বাচন কেন্দ্ৰীক হিংসা সংঘটিত হোৱাৰ অভিযোগ ৷ দুৰ্বিত্তই বিপিএফৰ দলীয় পতাকা জ্বলাই দিয়াৰ অভিযোগ ৷ ইউ পি পি এলৰ কৰ্মীয়ে পতাকা জ্বলাই দিয়াৰ অভিযোগ বিপিএফ নেতৃত্বৰ ৷ আৰক্ষীক এজাহাৰ দাখিল ৷

বাক্সাত জ্বলিল বিপিএফৰ দলীয় পতাকা
বাক্সাত জ্বলিল বিপিএফৰ দলীয় পতাকা

বৰপেটাৰোড 8 নৱেম্বৰ : বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বাক্সাত জ্বলিল বিপিএফৰ দলীয় পতাকা ৷ দেওবাৰে বাক্সাৰ শালবাৰী সমষ্টিৰ অটাগাঁৱত দেওবাৰে বি পি এফ দলৰ দলীয় পতাকা জ্বলাৰ ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

ইউ পি পি এলৰ কৰ্মীৰ বিৰুদ্ধে বি পি এফৰ পতাকা জ্বলাই দিয়াৰ অভিযোগ

ইউ পি পি এলৰ কৰ্মীৰ বিৰুদ্ধে বি পি এফৰ পতাকা জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিপিএফৰ নেতা-কৰ্মীয়ে । বিপিএফৰ উত্থানত শংকিত হৈ এনে দুষ্কাৰ্য সংঘটিত কৰা বুলিও অভিযোগ তুলিছে বিপিএফ দলৰ নেতা কৰ্মীয়ে ৷

ঘটনা সন্দৰ্ভত বি পি এফ নেতৃত্বই ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে বি পি এফ দলৰ দলীয় পতাকা জ্বলাই দিয়াৰ কাষতে অক্ষত অৱস্থাত আছে ইউ পি পি এলৰ কেইবাখনো দলীয় পতাকা । এই ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী বিপিএফ নেতৃত্বৰ ।

লগতে পঢ়ক: উদ্বোধনী অনুষ্ঠাৰ পৰা ৰাইজে ওভতাই পঠালে বিধায়ক প্ৰদীপ হাজৰিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.