ETV Bharat / state

জনীয়াত বিজেপিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল - জনীয়াত বিজেপিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কলগাছিয়াৰ এখন নিৰ্বাচনী সভাত হেলিকপ্টাৰযোগে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এই সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে শ্ৰম আৰু যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷

জনীয়াত বিজেপিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Oct 15, 2019, 8:52 PM IST

Updated : Oct 16, 2019, 2:42 PM IST

জনীয়া, 15 অক্টোবৰ : জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কলগাছিয়াৰ এখন নিৰ্বাচনী সভাত হেলিকপ্টাৰযোগে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এই সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে শ্ৰম আৰু যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ ভাষণ প্ৰসংগত ফণী ভূষণ চৌধুৰীয়ে জনীয়া সমষ্টিৰ উন্নয়নৰ বাবে দল-মত নিৰ্বিশেষে বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায় ৷

জনীয়াত বিজেপিৰ নিৰ্বাচনী সভা

আনহাতে,সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে যে,অসমৰ সকলো সম্প্ৰদায়ৰ লোকক জাতি-ধৰ্ম নিৰ্বিশেষে সম মৰ্যদা প্ৰদান কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক নিষ্ঠা সহকাৰে পালন কৰি বিজেপি চৰকাৰে এন আৰ চি প্ৰস্তুত কৰিছে বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে সোণোৱালে ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰি এই দুই দলৰ জন্মই অসমক দুৰ্বল কৰা বুলি তাচ্ছিল্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিজেপি চৰকাৰ থকালৈকে সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত বুলি আশ্বাস প্ৰদান কৰে সোণোৱালে ৷ ইয়াৰ পাছতো বিজেপিক ভোট নিদিয়া সকলে উন্নয়ন নিবিচাৰে বুলি ৰাইজক উদ্দেশ্যি মন্তব্য কৰে সোণোৱালে ৷ ইফালে কলগাছিয়াত প্ৰস্তাৱিত মহকুমা সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷

Intro:slug: as_jania_15oct_cm_in_kalgachia_vis5+byt1+pho1_story_asc10058

Anchor: জনীয়া সমষ্টিৰ কলগাছিয়াত বিজেপিৰ নিৰ্বাচনী সভা। বিজেপিৰ নিৰ্বাচনী সভাত হেলিকপ্টাৰযোগে উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সৰ্বানন্দ সনোৱালক সংগ দিয়ে শ্ৰম আৰু যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী। কংগ্ৰেছ-এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰি NRCৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা বিজেপি চৰকাৰে নিষ্ঠা সহকাৰে পালন কৰি NRC প্ৰস্তুত কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।Body:slug: as_jania_15oct_cm_in_kalgachia_vis5+byt1+pho1_story_asc10058

VO-1: জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন দিন চমু চাপি অহাৰ লগে ব্যাপক নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। আজি বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জনীয়া সমষ্টিৰ কলগাছিয়াত এখন নিৰ্বাচনী সভাত হেলিকপ্টাৰযোগে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। এই সভাত মুখ্য মন্ত্ৰীক সংগ দিয়ে শ্ৰম আৰু যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী। সভাত শ্ৰম আৰু যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে, জনীয়া সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত দল-মত নিৰ্বিশেষে বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। সভাৰ মুখ্য অতিথি তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ প্ৰসংগত কয় যে, অসমৰ সকলো সম্প্ৰদায়ৰ লোকক জাতি ধৰ্ম নির্বিশেষে সম মৰ্যদা দিছে। NRCৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা বিজেপি চৰকাৰে নিষ্ঠা সহকাৰে পালন কৰি NRC প্ৰস্তুত কৰিছে বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে। ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰি AIUDF আৰু কংগ্ৰেছৰ জন্মই হৈছে অসমক দুৰ্বল কৰাৰ বাবে বুলি তাচ্ছিল্য মুখ্যমন্ত্ৰীৰ। বিজেপিৰ চৰকাৰ থকালৈকে সংখ্যলঘুৰ নিৰাপত্তা নিশ্চিত। ইমান নিশ্চিত কৰাৰ পিছতো যদি আপোনালোকে বিজেপিক ভোট নিদিয়ে তেন্তে আপোনালোকে উন্নয়ন নিবিচাৰে বুলি ৰাইজক উদ্দেশ্যি মন্তব্য কৰে। ইফালে মুখ্যমন্ত্ৰীক কলগাছিয়াত প্ৰস্তাৱিত মহকুমা সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে মহকুমা সম্পৰ্কে কোনো মন্তব্য নকৰে।Conclusion:slug: as_jania_15oct_cm_in_kalgachia_vis5+byt1+pho1_story_asc10058

Byte: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Oct 16, 2019, 2:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.