ETV Bharat / state

অনুষ্ঠিত নহয় ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ - কুকাৰপাৰ ঈদগাহ ময়দান

দেশজুৰি চলি থকা চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ বাবে ঈদ-উল-ফিতৰৰ নামাজ সমূহীয়াকৈ নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাজদিয়া-চেঙা-কুকাৰপাৰ আঞ্চলিক হাট ও বজাৰ সমিতিয়ে ।

Eid-Ul-Fitr namaz will not be held at Kukarpar Edigah Maidan
কুকাৰপাৰ ঈদগাহ ময়দানত অনুষ্ঠিত নহয় ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ
author img

By

Published : May 23, 2020, 6:12 PM IST

বৰপেটা, 23 মে' : সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ । কিন্তু এইবেলি বৰপেটা জিলাৰ কুকাৰপাৰ ঈদগাহ ময়দানত অনুষ্ঠিত নহয় ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ । দেশজুৰি চলি থকা চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ বাবে ঈদ উল ফিতৰৰ নামাজ সমূহীয়াকৈ নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাজদিয়া-চেঙা-কুকাৰপাৰ আঞ্চলিক হাট ও বজাৰ সমিতিয়ে । এই কথা জানিবলৈ দিয়ে মাজদিয়া-চেঙা-কুকাৰপাৰ আঞ্চলিক হাট ও বজাৰ সমিতিৰ সম্পাদক গজনবী উদ্দিন আহমেদ আৰু কুকাৰপাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফকৰুদ্দিন আহমেদে ।

কুকাৰপাৰ ঈদগাহ ময়দানত অনুষ্ঠিত নহয় ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ

উল্লেখ্য যে কুকাৰপাৰ ঈদগাহ ময়দানত পূৰ্বৰে পৰাই বিশ সহস্ৰাধিক লোকে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক- নেমকেয়াৰৰ ঘটনাৰ পাচত অধিক সতৰ্ক হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.