বৰপেটা, ১৯ চেপ্তেম্বৰঃ বৰপেটা জিলাৰ বুঢ়িখামাৰ বজাৰত মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিবাদ । শনিবাৰে মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি বিজেপি গ’বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তুলে ৷
ইপিনে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ লগতে প্ৰতিবাদকাৰীসকলে ইছলাম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান । আনহাতে, হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত বাতিল নকৰিলে জংগী আন্দোলন আৰু উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰা হ’ব বুলি উল্লেখ কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনে ।