ETV Bharat / state

Education Minister Ronoj Pegu at Barpeta: বাগিচা প্ৰাথমিক বিদ্যালয়সমূহত অতিৰিক্ত টেট শিক্ষক নিযুক্তি সন্দৰ্ভত বৰপেটাত শিক্ষামন্ত্ৰীৰ মন্তব্য - Education Minister Ronoj Pegu at Barpeta

বৰপেটাত উপস্থিত হৈ ২০২৪ লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য শিক্ষামন্ত্ৰীৰ ৷ বৰপেটা লোকসভা সমষ্টিটো অগপক দিয়া হ’ব নে নহয় সেই সন্দৰ্ভতো মন্তব্য কৰিলে মন্ত্ৰী পেগুৱে ৷ ইয়াৰ উপৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো বৰপেটাত মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে (Education Minister Ronoj Pegu at Barpeta) ৷

Education Minister Ronoj Pegu at Barpeta
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
author img

By

Published : May 27, 2023, 3:03 PM IST

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

বৰপেটাৰোড, ২৭ মে’: ৰাজ্যৰ চাহ বাগিচাত যিসকল শিক্ষকে বাগান টি গাৰ্ডেনৰ অধীনত যেনেদৰে আছে তেনেদৰেই থাকিব ৷ তেওঁলোকক অব্যাহতি দিয়া নহয় আৰু বাগান মেনেজমেন্টে দৰমহাও প্ৰদান কৰি থাকিব ৷ বাগিচা প্ৰাথমিক বিদ্যালয়সমূহত দুজনকৈ অতিৰিক্ত টেট শিক্ষক নিযুক্তি প্ৰদান সন্দৰ্ভত বৰপেটাত এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Dr. Ronoj Pegu) ৷ তেওঁ লগতে যিসমূহ বিদ্যালয়ে গুণোৎসৱ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল কৰিছে, সেই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ উপস্থিতিত জিলা উপায়ুক্তই কাৰ্যালয়ত এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ কথা ব্যক্ত কৰে ৷

উল্লেখ্য় যে, সৰভোগস্থিত জৱাহৰ নৱোদয় স্কুলত ১৮ মে’ৰ পৰা অনুষ্ঠিত হৈ থকা ধুবুৰীস্থিত 7 ASSAM Battalion NCC ৰ দ্বিতীয় বাৰ্ষিক কেম্পত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Jawahar Navodaya Vidyalaya, Sorbhog)। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰী তথা কেডেটসকলে পঢ়া শুনাৰ লগতে জীৱনটো সুন্দৰ আৰু পৰিপাটিকৈ যাপন কৰাৰ বাবে NCC ত আহি শিকিব পাৰে বুলি উল্লেখ কৰে ৷ তেওঁ লগতে কয়, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কেৱল অনুষ্ঠানিক শিক্ষাই যথেষ্ট নহয় । তাৰবাবে NCC ৰ দৰে শিক্ষাৰ প্ৰয়োজন । সকলো ছাত্ৰ-ছাত্ৰী ডাক্তৰ-ইঞ্জিনিয়াৰ নহয় বা হোৱাৰ প্ৰয়োজনো নাই ৷ তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনত যাপন কৰাৰ বাবে NCC ত প্ৰশিক্ষণ দিয়া হয় ।

ইফালে অনুষ্ঠানত উপস্থিত থাকি তেওঁ সংবাদ মাধ্যমৰ আগত ছাত্ৰ-ছাত্ৰীসকলক নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা শিকোৱা বাবে প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত NCC, NSS আৰু স্কাউট আৰু গাইডৰ সংখ্যা বৃদ্ধি কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ লগতে ভাৰত চৰকাৰে ইতিমধ্যে সমগ্ৰ দেশত প্ৰায় ১০০খন সৈনিক স্কুল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰি অসমত ৫ খন সৈনিক স্কুল স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰীগৰাকীয়ে ২০২৪ লোকসভা নিৰ্বাচনত ১৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰি ১২ খন আসনত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে বৰপেটা লোকসভা সমষ্টিটো অগপক দিয়া হ’ব নে নহয়, সেই সিদ্ধান্ত দলৰ হাইকামাণ্ডে নিৰ্ণয় কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী ৰণোজ পেগুৱে ।

লগতে পঢ়ক: Violence Hit Manipur : মণিপুৰত নিয়োজিত সেনাৰ সংখ্য বৃদ্ধি; সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.