ETV Bharat / state

Shiksha Setu aap: অসমৰ শিক্ষাৰ সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰি অহা হৈছে :শিক্ষামন্ত্ৰী - বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল

‘‘অসম চৰকাৰে অসমৰ শিক্ষাৰ সমস্যা, শিক্ষানুষ্ঠানৰ সমস্যা, শিক্ষকসকলৰ সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰি আহিছে ৷ ৰাজ্যৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষা বিভাগৰ শিক্ষাসেতু নামৰ পৰ্টেলত নিজৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰক ৷’’ বৰপেটাত এক সংবাদমেলযোগে এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Primary school teachers protest in Assam) ৷

Assam education system
বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল
author img

By

Published : May 26, 2023, 7:52 PM IST

বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল

বৰপেটা, 26 মে’ : ‘‘বিগত 70 বছৰ ধৰি প্ৰাৰ্থমিক বিদ্যালয়ত প্ৰধান শিক্ষক বুলি একো পদেই নাই ৷ কিন্তু প্ৰধান শিক্ষকৰ দায়িত্বত আছে বিদ্যালয়ৰ এজন জ্যেষ্ঠ শিক্ষক ৷ যাৰ বাবে সেই জ্যেষ্ঠ শিক্ষকজনে লাভ কৰে মূল দৰমহাৰ সৈতে পৃথককৈ 500 টকা ৷’’ শুকুৰবাৰে বৰপেটাত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Problems in govt primary schools) ৷

তেওঁ আৰু কয়, ‘‘চৰকাৰী তথ্য অনুসৰি, আমাৰ যিমান বিদ্যালয় লাগে, তাতকৈ অধিক বিদ্যালয় আমাৰ আছে ৷ আমি বিদ্যালয়সমূহ একত্ৰিকৰণ কৰি আছো ৷ যদি এনে প্ৰাৰ্থমিক বিদ্যালয়ত প্ৰধান শিক্ষক বুলি এটা পদ থাকে, তেন্তে বিদ্যালয় একত্ৰিকৰণৰ সময়ত সেই পদটো বিলুপ্তি হৈ যাব ৷ সেয়ে আমি ৰাজ্যত সম্পূৰ্ণ বিদ্যালয় একত্ৰিকণ হোৱালৈ বাট চাব লাগিব ৷ তাৰ পাচতেহে প্ৰধান শিক্ষকৰ পদটো সৃষ্টি কৰাৰ কথা ভাবিব পাৰো ৷’’

আনকি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদক লৈ চৰকাৰ আৰু শিক্ষক সন্মিলনীৰ মাজত সৃষ্টি হোৱা মতানৈক্য সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘চৰকাৰৰ সৈতে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আলোচনা চলি আছে ৷ আলোচনা আগবাঢ়ি আছে ৷ ভুকুতে কল নপকে ৷ অসম চৰকাৰে অসমৰ শিক্ষাৰ সমস্যা, শিক্ষানুষ্ঠানৰ সমস্যা, শিক্ষকসকলৰ সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰি আহিছে ৷ চৰকাৰে দিয়া দায়িত্ব পালন নকৰিলে চাৰ্ভিচ ৰুল উলংঘা কৰা হ’ব (Primary school teachers protest in Assam) ৷’’

লগতে পঢ়ক : School teachers boycott training programme: শিক্ষা সেতুৰ প্ৰশিক্ষণ কাৰ্যসূচী বয়কট শিক্ষক সন্মিলনীৰ

এই সংবাদমেলতে ৰাজ্যৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষা বিভাগৰ শিক্ষাসেতু নামৰ পৰ্টেলত নিজৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আহ্বান জনায় । শুকুৰবাৰে বৰপেটাৰ আৱৰ্ত ভৱনত আয়োজিত এক সংবাদমেলত ডাঃ পেগুই কয় যে শিক্ষাসেতু পৰ্টেলতো শিক্ষা ব্যৱস্থাটো ডিজিটেলাইজড কৰা, শিক্ষা ব্যৱস্থাটোৰ সংস্কাৰ সাধন কৰা আদি উদ্দেশ্য লৈ মুকলি কৰা হৈছে (Siksha Setu App in Assam)। তেনেক্ষেত্ৰত ব্যৱস্থাটোত কোনোবাই অসহযোগিতা কৰাৰ অৰ্থ হ’ল শিক্ষা ব্যৱস্থাটো অধিক উন্নত কৰিব বিচৰা প্ৰক্ৰিয়াটোত বাধা প্ৰদান কৰা ।

উল্লেখযোগ্য যে, ৰাজ্যৰ একাংশ সংগঠনে শিক্ষাসেতু ব্যৱস্থাটোৰ বিৰোধিতা কৰি আহিছে । এই প্ৰসংগতে ডাঃ পেগুৱে কয়, ‘‘শিক্ষাসেতু পৰ্টেলটোত বিদ্যালয়সমূহৰ সকলো তথ্য সন্নিৱিষ্ট হোৱাৰ পাচত শিক্ষানুষ্ঠানবোৰত থকা অভাৱৰ তথ্য বিভাগে অবগত হ’ব পাৰিব (Assam education system) ।

ক’ৰবাত শিক্ষকৰ অভাৱ থাকিলে সেয়াও দূৰ কৰাতো সহজ হ’ব । ইতিমধ্যে প্ৰায় সকলো শিক্ষানুষ্ঠানৰ তথ্য পৰ্টেলত সন্নিবিষ্ট হোৱাৰ উপৰি প্ৰায় এক লাখ দহ হাজাৰ শিক্ষকেও নিজৰ তথ্য সন্নিবিষ্ট কৰিছে । এনেক্ষেত্ৰত কোনো শিক্ষকে যদি তথ্য সন্নিবিষ্ট নকৰে, তেনেহ’লে সেইসকল শিক্ষকৰ ক্ষেত্ৰত বিভাগে অনুসন্ধান চলাব ৷’’ লগতে চৰকাৰী ব্যৱস্থাত অসহযোগিতাৰ ফলত শিক্ষানুষ্ঠানবোৰেই চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : ETV Exclusive: শিক্ষাসেতু, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু প্ৰতিবাদ সন্দৰ্ভত ৰাতুল চন্দ্ৰ গোস্বামীৰ সৈতে সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.