জনীয়া, 24 জুন : কলগাছিয়াৰ লাংলা-ছিমলাবাৰীত বৃহস্পতি আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ১৪.৬২ গ্ৰাম ব্ৰাউন চুগাৰৰ পেকেটৰ লগতে দুটা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷ আটকাধীন সৰবৰাহকাৰীটো আনোৱাৰ হুছেইন বুলি জানিব পৰা হৈছে ৷
ড্ৰাগছ সৰবৰাহকাৰীটোৱে AS 15 N 8835 নম্বৰৰ এখন দুচকীয়া বাহনেৰে বৰপেটাৰ পৰা বঙাইগাঁৱলৈ ব্ৰাউন চুগাৰখিনি বিক্ৰীৰ বাবে আনিছিল ৷ বঙাইগাঁও আৰু মেৰেৰচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত মেৰেৰচৰ থানাৰ অন্তৰ্গত তথা লাংলাৰ ওচৰৰ ছিমলাবাৰী দ্বিতীয় খণ্ডৰ বিকল্প ৰাজ্যিক ঘাইপথৰ পৰা আটক কৰে সৰবৰাহকাৰীটোক । আৰক্ষীয়ে আনোৱাৰৰ পৰা ব্ৰাউন চুগাৰৰ লগতে ম’বাইল ফোন, নগদ ধন আৰু বাইক জব্দ কৰে ।
ব্ৰাউন চুগাৰখিনিৰ আনুমানিক মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি ড্ৰাগছ সৰবৰাহকাৰীটোৱে জানিবলৈ দিয়ে । আনোৱাৰ হুছেইন কলগাছিয়া থানাৰ অন্তৰ্গত ইছলামপুৰ গাঁৱৰ বাসিন্দা ৷ আনোৱাৰে গুৱাহাটীৰ ময়নাল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা ব্ৰাউন চুগাৰখিনি লৈ বঙাইগাঁৱৰ দীপক নামৰ এজনৰ ওচৰত বিক্ৰীৰ বাবে আনিছিল ৷
লগতে পঢ়ক : ভাৰত-ভূটান সীমান্তত নিৰ্মাণ কাৰ্য চলিছে মিনি ৰ’পৱেৰ