ETV Bharat / state

Crime in Barpeta: হাউলীত জব্দ দহ লক্ষাধিক টকাৰ ড্ৰাগছ; সৰবৰাহকাৰীক আটক

author img

By

Published : Feb 28, 2023, 3:35 PM IST

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতেই হাউলী চহৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ (Drugs seized at Howley town)। ইয়াৰে সৈতে জড়িত থকা দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে ।

Drugs seized at Howley town
হাউলীত ড্ৰাগছৰ বেহা
হাউলীত ড্ৰাগছৰ বেহা

বৰপেটা, ২৮ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Anti drugs mission in Assam) ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ এই ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্য়ে গ্ৰেপ্তাৰ হৈছে বহুতো সৰবৰাহকাৰী । ৰাজ্য়ৰ প্ৰতিখন জিলাতে আৰক্ষীয়ে ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ পিচতো সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বনেৰে সৰবৰাহ কৰি আছে নিষিদ্ধ ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে বৰপেটা জিলাতো এই অভিযান অব্য়াহত আছে । ইয়াৰ মাজতে হাউলী চহৰত ড্ৰাগছসহ আটক হৈছে দুটা সৰবৰাহকাৰী (Drugs paddler arrested in Howley) ।

বৰপেটা জিলাৰ হাউলী চহৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে (Drugs seized at Howley in Barpeta) ৷ জিলাখনৰ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত দুই ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ আৰক্ষীয়ে সদৰি কৰা মতে, শিলিগুৰিৰ পৰা সৰবৰাহ কৰিছিল এই নিষিদ্ধ ড্ৰাগছখিনি ৷ ইপিনে, ৫০০ কিলোগ্ৰাম ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী হৈছে চুমেজ আলী আৰু কামাল উদ্দিন ৷ চুমেজ আলীৰ ঘৰ হাউলীৰ ফুলকীপাৰা আৰু কামাল উদ্দিনৰ ঘৰ হাজীপাৰা গাঁৱত ৷

ইপিনে, বৰপেটাৰ ৰাজহ চক্ৰ বিষয়াই উল্লেখ কৰা মতে, শিলিগুৰিৰ পৰা সৰবৰাহ কৰা হৈছিল জব্দ কৰা ড্ৰাগছখিনি (Revenue Circle Officer Barpeta) ৷ সৰবৰাহকাৰীয়ে এই ড্ৰাগছখিনি ১১ টা চাবোনৰ বাকচত ভৰাই সৰবৰাহ কৰিছিল ৷ জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মুল্য প্ৰায় ১১ লাখ টকা হ'ব বুলি তেওঁ উল্লেখ কৰিছে ৷ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ ব্যৱসায়ীক লৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

ইপিনে, জিলাখনৰ গহেৰপাম গাঁৱত যোৱা ২২ ফেব্ৰুৱাৰীত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আনোৱাৰ হুছেইন ওৰফে তালে আৰু আৰক্ষীয়ে তেওঁৰ পৰা 150 গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে (Drugs seized in Barpeta) ৷ বিক্ৰীৰ বাবে আনোতেই 150 টা ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰসহ আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা বুলি কয় আৰক্ষীয়ে ৷

লগতে পঢ়ক:Traggic Accident in Meghalaya: মেঘালয়ত দুৰ্ঘটনাত নিহত ৬ ব্যক্তিলৈ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলত শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.