বৰপেটাৰোড, 25 নৱেম্বৰ : অসমক ড্ৰাগছ মুক্ত কৰাৰ উদ্দেশ্যে এতিয়া দিনে নিশাই আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী (Assam Police raid against drugs) ৷ ড্ৰাগছ বিৰোধী অভিযানত এইবাৰ বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ শিমলাগুৰীত ড্ৰাগছৰ সহ এজন লোকক আটক কৰে আৰক্ষীয়ে( Drug Peddler Nabbed In Barpeta )৷
আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনৰ নাম আব্দুল কাছেম বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰ হাউলীৰ জয়পুৰৰ ঘিলাঝাৰীত । ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আবুল কাছেমৰ পৰা চাৰিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, ৬ টা ঔষধৰ বটল, নগদ চাৰি হাজাৰ টকা সহ এখন পালছাৰ বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷
আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনক গোৱৰ্ধনা আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে(Govardhana police interrogate drug Peddler) ৷ আনহাতে ধৃত ড্ৰাগছৰ ব্যৱসায়ী আব্দুল কাছেম ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত নহয় বুলি কোৱাৰ লগতে আৰক্ষীয়ে তেওঁক ষড়যন্ত্ৰ কৰি ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত কৰি আটক কৰা বুলি কয় ৷ কিন্তু এই সন্দৰ্ভত সাংবাদিকক মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে গোৱৰ্ধনা থানাৰ আৰক্ষী বিষয়া নৱজিৎ তালুকদাৰ ৷
লগতে পঢ়ক : Drugs Peddler Arrest : গড়চুকত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন