ETV Bharat / state

বৰপেটাৰ জুৱেলাৰীত ড্ৰাগছৰ বেহা

author img

By

Published : Jun 13, 2021, 9:56 PM IST

বৰপেটাৰ পালহাজী বজাৰৰ সোণ ৰূপৰ অলংকাৰ প্ৰস্তুত কৰা এখন জুৱেলাৰীত আৰক্ষীৰ অভিযান ৷ জুৱেলাৰীখনত অভিযান চলাই বৰপেটা আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷

বৰপেটাৰ জুৱেলাৰীত ড্ৰাগছৰ বেহা
বৰপেটাৰ জুৱেলাৰীত ড্ৰাগছৰ বেহা

বৰপেটা 13 জুন: ৰাজ্যত শেহতীয়াকৈ অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াভাৱে বৰপেটা জিলাৰ জনীয়াত নিচাযুক্ত সামগ্ৰী সেৱন কৰা কিশোৰৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীৰ বলি হৈছে অঞ্চলটোৰ একাংশ কিশোৰ ৷ যাৰ ফলত অঞ্চলটোত সামগ্ৰিক পৰিৱেশ বিনষ্ট হৈ পৰিছে ৷

বৰপেটাৰ জুৱেলাৰীত ড্ৰাগছৰ বেহা

বৰপেটাত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায় ৷ এইবাৰ জুৱেলাৰীৰ দোকানতো ড্ৰাগছৰ ঘাটি দেখিবলৈ পোৱা গৈছে ৷ বৰপেটাৰ পালহাজী বজাৰৰ সোণ ৰূপৰ অলংকাৰ প্ৰস্তুত কৰা এখন জুৱেলাৰীত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ জুৱেলাৰীখনত অভিযান চলাই বৰপেটা আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ আটক কৰে এটা ড্ৰাগছ ব্যৱসায়ীক ৷

ধৃত ড্ৰাগছ ব্যৱসায়ীটো পালহাজী গাঁৱৰে ইমৰাণ হুছেইন বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ ব্যৱসায়ী ইমৰাণ হুছেইনৰ পৰা আৰক্ষীয়ে ব্ৰাউন চুগাৰ ভৰ্তি কেইবাটাও কন্টেইনাৰ জব্দ কৰে ৷ সোণ ৰূপৰ অলংকাৰ প্ৰস্তুত কৰা জুৱেলাৰীৰ পৰা ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক হোৱাৰ ঘটনাক লৈ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, ইতিমধ্যে অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ বাবে জেহাদ ঘোষনা কৰিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ ড্ৰাগচৰ ঘাটি উৎখাত কৰাৰ লগতে ঠায়ে ঠায়ে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে ৷ নগাঁৱতো নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে এটাৰ পাচত আনটো ক্ৰমে এটাৰ পাচত আনটো ড্ৰাগছৰ ঘাটি উৎখাত কৰিছে ৷

লগতে পঢ়ক: চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.